নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচকৰ দৌৰত অজিত আগৰকাৰ

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ ভাৰতীয় ক্রিকেট দলৰ নির্বাচকৰ দৌৰত অৱতীর্ণ হৈছে প্রাক্তন ক্রিকেটাৰ অজিত আগৰকাৰ, মণিন্দৰ সিং, চেতন শর্মা আৰু শিৱসুন্দৰ দাস৷ সম্প্রতি খালী হৈ থকা তিনিওটা নির্বাচকৰ পদৰ বাবে এই চাৰিগৰাকী প্রাক্তন ক্রিকেটাৰে বিচিচিআইৰ কার্যালয়ত আবেদন দাখিল কৰিছে৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি, এই চাৰিগৰাকী প্রার্থীৰ ভিতৰত আগৰকাৰ, চেতন শর্মা আৰু শিৱসুন্দৰ দাসে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীত স্থান পোৱাটো একপ্রকাৰ নিশ্চিত৷

উল্লেখ্য যে যোৱা বছৰ চৰণদীপ সিং, যতীন পাৰাণজী আৰু দেৱাং গান্ধীৰ চাৰি বছৰীয়া কার্যকালৰ অন্ত পৰাৰ পিছত নির্বাচক মণ্ডলীৰ তিনিটা পদ খালী হৈ আছে৷ চলিত বর্ষৰ আৰম্ভণিতে এম এছ কে প্রসাদ আৰু গগন খোড়াৰো কার্যকালৰ অন্ত পৰিছিল৷ তেওঁলোকৰ সলনি সুনীল যোশী আৰু হৰবিন্দৰ সিঙক নির্বাচক মণ্ডলীলৈ বাছনি কৰা হৈছিল যদিও আন তিনিখন আসন এতিয়াও খালী হৈ আছে৷ এই তিনিখন আসনৰ বাবে বিচিচিআয়ে শেহতীয়াকৈ আবেদন আহ্বান কৰিছিল৷

ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীৰ ঘনিষ্ঠ আৰু ২৬খনকৈ টেষ্ট খেলাৰ অভিজ্ঞতা সূত্রে একালৰ নির্ভৰযোগ্য অলৰাউণ্ডাৰ অজিত আগৰকাৰে নির্বাচক মণ্ডলীত স্থান লাভ কৰাটো একপ্রকাৰ নিশ্চিত৷ ব’ডৰ এক সূত্রই সদৰী কৰা অনুসৰি, আগৰকাৰে নির্বাচক মণ্ডলীত স্থান লাভ কৰিলে মুখ্য নির্বাচক হোৱাৰো সম্ভাৱনা আছে৷ কিয়নো, বর্তমানৰ মুখ্য নির্বাচক সুনীল যোশীতকৈ আগৰকাৰে অধিকসংখ্যক টেষ্ট মেচ খেলিছে৷ অৱশ্যে মুখ্য নির্বাচকৰ দৌৰত আগৰকাৰৰ শক্তিশালী প্রতিদ্বন্দ্বী হ’ব পাৰে ৩৫খনকৈ টেষ্ট মেচ খেলা মণিন্দৰ সিং৷

মন কৰিবলগীয়া যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে শেহতীয়াকৈ সংশোধন ঘটোৱা নিয়ম অনুসৰি, সর্বাধিক টেষ্ট মেচ খেলা ক্রিকেটাৰে মুখ্য নির্বাচক হোৱাৰ সুযোগ পাব৷ নৱনির্বাচিত নির্বাচক মণ্ডলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে অহা বর্ষত ঘৰৰ মাটিত খেলিবলগীয়া পূর্ণাংগ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিব৷

You might also like