নিয়মীয়া বাৰ্তা, বালিপৰা, ১৬ নৱেম্বৰ : শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটত ৬, ৭, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশন। পাঁচ সহস্ৰাধিক সেৱকৰ উপস্থিতিত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।
অনুষ্ঠানত উপস্থিত থাকি অধিৱেশনৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা ৯৫সংখ্যক ৰাজ্যিক অধিৱেশন সম্পূৰ্ণৰূপে সফল কৰি তুলিবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি চলি থকা বুলি মন্তব্য কৰে।
উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্যসূচী উপলক্ষে আজি পুৱাৰ পৰাই জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে হৰিনামৰ ধ্বনি আৰু ভক্তিৰসেৰে বৈকুণ্ঠপুৰীত পৰিণত হয়।