নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা সমজিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১৬ নৱেম্বৰ : মাৰ্ঘেৰিটা সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন কৰা হয়। এই কাৰ্যসূচী সমজিলা আয়ুক্ত, মাৰ্ঘেৰিটা আৰু সমজিলা তথ্য আৰু জনসংযোগ বিভাগ মাৰ্ঘেৰিটাৰ যৌথ উদ্যোগত আয়োজন কৰা হয়। আদৰণী ভাষণত সমজিলা আয়ুক্ত ৰাহুল দলেই সময়ৰ প্ৰৱাহত তথ্যৰ সত্যতা পৰীক্ষাৰ পূৰ্বেই প্ৰসাৰিত হোৱা পৰিস্থিতিত দায়িত্বশীল সংবাদ প্ৰকাশ, ভুল স্বীকাৰ আৰু সংশোধনৰ মানসিকতাৰ গুৰুত্ব উল্লেখ কৰে। “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতা-সুৰক্ষা” শীৰ্ষক এইবাৰৰ বিষয়বস্তু। লগতে তেওঁ সমজিলাৰ সংবাদ মাধ্যমৰ অৱদানক উচ্চ প্ৰশংসা কৰে।

অনুষ্ঠানত মুখ্য বক্তাৰ ভাষণ আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈয়ে। আজিৰ ডিজিটেল যুগত তথ্যৰ অতি সহজ প্ৰবাহে সংবাদ জগতক অত্যন্ত গতিশীল কৰি তুলিছে বুলি উল্লেখ কৰি কয় যে সংবাদ পৰিৱেশনৰ মাজত বিভ্ৰান্তিমূলক তথা অসত্য খবৰে এক গভীৰ সংকট সৃষ্টি কৰিছে। সামাজিক মাধ্যম অনিয়ন্ত্রিত অনলাইন উৎস আৰু দ্রুতগতিত তথ্য প্ৰচাৰৰ সুবিধাই সত্য আৰু মিছাৰ সীমা অস্পষ্ট কৰি দিছে। এই পৰিস্থিতিত সংবাদ সেৱাৰ মূল দায়িত্ব হৈছে জনগণলৈ সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল তথ্য প্ৰদান কৰি বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখাৰ দায়িত্ব সংবাদকৰ্মীসকলৰ যথেষ্ট বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ সংবাদ মাধ্যমৰ ইতিহাস সম্পৰ্কেও চমু অৱলোকন আগবঢ়ায়।

জ্যেষ্ঠ সাংবাদিক তথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰে অনিশ্চিত সময়ত বিভ্ৰান্তিমূলক তথ্যৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে কয়লা উদ্যোগৰ স্থবিৰতাৰ ফলত, এই উদ্যোগত সম্পৃক্ত কৰ্মচাৰী আৰু স্থানীয় জনসাধাৰণৰ জীৱিকাৰ ওপৰত অনিশ্চয়তাই সৃষ্টি কৰিছে। তেওঁ বিষয়টোৰ ওপৰত স্বচ্ছ যোগাযোগ আৰু দায়িত্বশীল পুনৰুদ্ধাৰ পৰিকল্পনাৰ উদ্দেশ্যে পৰামৰ্শমূলক মঞ্চ গঠন কৰাৰ প্ৰস্তাৱ প্ৰদান কৰে। উত্তৰস্বৰূপে সমজিলা আয়ুক্তই জনায় যে প্রশাসনে বিষয়টো গভীৰভাৱে পৰ্যালোচনা কৰি আছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

আজিৰ সভাই স্পষ্টভাৱে প্ৰতিপন্ন কৰে যে সংবাদসেৱাৰ বিশ্বাসযোগ্যতা সুৰক্ষিত কৰি ৰাখিবলগীয়া দায়িত্বটো কেৱল সাংবাদিকৰ নহয়; প্রশাসন, সংবাদ মাধ্যম আৰু সাধাৰণ জনতাৰ সংযুক্ত প্ৰচেষ্টাই ইয়াক শক্তিশালী কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকসকলক তেওঁলোকৰ দীর্ঘদিনৰ উল্লেখযোগ্য অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপনেৰে সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মান জনোৱা হয়। সমজিলা তথ্য আৰু জনসংযোগ বিষয়া গুৰমীত কৌৰ চুৰীয়ে ভাষণ প্ৰসংগত উপস্থিত অতিথি, সংবাদকৰ্মীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে বৰ্তমানৰ ডিজিটেল সংবাদ ব্যৱস্থাৰ প্ৰেক্ষাপট উল্লেখ কৰি তেওঁ কয় যে দ্ৰুত আপডেট, ‘ব্ৰেকিং’ৰ প্ৰভাৱ, ‘লাইক’ আৰু ‘ভিউ’-ৰ প্রতিযোগিতামূলক পৰিৱেশত ত্ৰুটিহীন, সত্যনিষ্ঠ তথ্য প্ৰচাৰ অধিক গুৰুত্বপূৰ্ণ। তেওঁ সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক “সৰ্বাধিক শক্তিশালী সম্পদ” হিচাপে আখ্যা দি নৈতিকতা, সংযম আৰু প্ৰশাসনিক পৰিপক্বতাৰ সৈতে এই সম্পদ সুৰক্ষাৰ আহ্বান জনায়। লগতে সংবাদ মাধ্যমক প্ৰশাসনৰ “সজাগ দিশদৰ্শক” বুলি আখ্যা দি দুই পক্ষৰ সু-সম্পর্কক পুনৰ স্মৰণ কৰে।

You might also like