নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত প্ৰাক্তন সাংবাদিকক সম্বৰ্ধনা হোজাই প্ৰেছ ক্লাবৰ

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বিগত ১৯৯৪ চনত গঠন হোৱা দক্ষিণ নগাঁৱৰ একমাত্ৰ সাংবাদিকৰ উমৈহতীয়া সংগঠন হোজাই প্ৰেছ ক্লাবৰ উদ্যোগত সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সাংবাদিক ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তাক ক্লাবে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা সাংবাদিক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

আজি বিয়লি এসময়ৰ বলিষ্ঠ সাংবাদিকগৰাকীৰ বাসগৃহত হোজাই প্ৰেছ ক্লাবৰ এটা দলে উপস্থিত হৈ প্ৰাক্তন সাংবাদিকজনক ফুলাম গামোচা, শৰাই আৰু প্ৰশস্তি-পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে বৰ্তমানৰ সভাপতি নিৰঞ্জন চেৰাওগীয়ে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত ক্লাবৰ সাধাৰণ সম্পাদকৰ উপৰি কোষাধ্যক্ষ শিৱদয়াল সিং, সদস্য অঞ্জন পাল আদিয়ে অংশগ্ৰহণ কৰে।

You might also like