নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ দিনাই ডিক্ৰং নৈৰ পাৰত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

🔹 নিথৰ দেহ উদ্ধাৰৰ ক্ষেত্ৰত দুই থানা, এক আৰক্ষী চকীৰ মাজত ঠেলা-ঠেলি
নিয়মীয়া বাৰ্তা,  ১৬ আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোতে লালুকৰ দক্ষিণ দিশত থকা ডিক্ৰং নদীৰ পাৰত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বিহপুৰীয়া থানাৰ অন্তৰ্গত তথা লালুক থানাৰ সীমামূৰীয়া অঞ্চল ৭৯/৮২ গ্ৰান্টৰ কাপিচলা গাঁৱত ডিক্ৰং নদীৰ পাৰত স্থানীয় ৰাইজে দেখা পোৱা মৃতদেহটো উদ্ধাৰৰ ক্ষেত্ৰত লালুক থানা, বিহপুৰীয়া থানা আৰু বঙালমৰা আৰক্ষী চকীৰ মাজত এক দীঘলীয়া সময় ধৰি ঠেলা-ঠেলি লাগে৷ ফলত দীৰ্ঘ সময় ধৰি আৰক্ষী মৃতদেহৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকে৷ এই লৈ অঞ্চলটোৰ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়৷
ঘটনাস্থলীৰ সমীপত কাপিচলা মাথাউৰিত লালুক আৰক্ষী উপস্থিত হৈছিল যদিও স্থানীয় লোকে অঞ্চলটো বিহপুৰীয়া থানাৰ অধীনৰ বুলি কোৱাত লালুক আৰক্ষী থমকি ৰয়৷ ইয়াৰ দীৰ্ঘ সময় বিৰতিৰ পিছত বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ বঙালমৰা আৰক্ষীয়েও কয় যে উক্ত এলেকাটো বঙালমৰা আৰক্ষী চকীৰ নহয়৷ আনহাতে, বিহপুৰীয়া আৰক্ষীয়েও কাপিচলা অঞ্চলটো উক্ত থানাৰ অধীনস্থ হয় নে নহয় এই লৈ বিপাঙত পৰে৷ স্থানীয় ৰাইজে দাবী কৰে যে অঞ্চলটো অতীতৰ পৰাই বিহপুৰীয়া থানাৰ অধীনৰ হয়৷ এই খেলিমেলিৰ অন্তত বিয়লি প্ৰায় ৩.৩০ বজাতহে বঙালমৰা আৰক্ষীৰ দল কাপিচলা মথাউৰিৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হয়৷ ইয়াৰ কিছু সময়ৰ পিছতে বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ পৰিদৰ্শক জয়প্ৰকাশ মহন্ত, বিহপুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷
স্থানীয় ৰাইজৰ দাবী- অচিৰে তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা নিশ্চিত কৰিব লাগে অঞ্চলটো কোন  থানাৰ অধীনৰ৷ যাৰ বাবে এটা মৃতদেহ নদীৰ পাৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষী মৃতদেহ ওলোৱা স্থানলৈ যাবলৈ বিপাঙত পৰিব লগা হয় ৷ বিষয়টোক লৈ স্থানীয় গাঁওপ্ৰধান যাদৱ চুবেদীৰ ভুমিকাকো ৰাইজে সমালোচনা কৰিছে৷ আৰক্ষীৰ দলটোৱে ডিক্ৰং নদীৰ পাৰত উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰে৷ মৃতদেহটোৰ অৱস্থা দেখি পুৰুষৰ মৃতদেহ হ’ব বুলি স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ধাৰণা কৰিছে৷ সম্পূৰ্ণ উলংগ অৱস্থাত থকা মৃতদেহটো কিছুদিনৰ পূৰ্বৰ হ’ব বুলি ৰাইজে অনুমান কৰাৰ লগতে নদীত উটি আহি পাৰত লগা বুলি ধাৰণা কৰিছে৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলেহে ইয়াৰ প্ৰকৃত সত্য উন্মোচন কৰিব৷ মৃতদেহটো বিহপুৰীয়া আৰক্ষীয়ে উদ্ধাৰ কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰা বুলি বিহপুৰীয়া আৰক্ষীয়ে জানিবলৈ দিছে৷
প্ৰেৰক মৃদুল ফুকন
You might also like