নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবুৱাৰ দিনজয় চাহ বাগিচাত ভয়ংকৰ ঘটনা, ডায়েৰীয়াৰ আতংক, এসপ্তাহত শিশুসহ ৫জনৰ মৃত্যু

বিশেষ বাৰ্তা, ১৬ আগষ্ট : চাবুৱাৰ দিনজয় চাহ বাগিচাত যোৱা এটা সপ্তাহৰ ভিতৰত শৌচ, বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈ শিশুসহ ৫জনৰ মৃত্যুৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। এই অঞ্চলৰ পকা লাইনত ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ খবৰে উদ্বেগ বৃদ্ধি কৰিছে।

আজি দিনৰ ভাগত ১৯ বছৰীয়া এজন যুৱক খেলাৰ সময়ত হঠাৎ বমি কৰি অসুস্থ হৈ পৰে। চিকিৎসালয়লৈ নিয়াৰ পথতে উক্ত যুৱকজনৰ মৃত্যু হয়। ইয়াৰ উপৰি নিশাৰ ভাগত আন এজন যুৱক বমিৰ সমস্যাত ভুগি চিকিৎসালয়ত ভৰ্তি হৈছে। স্থানীয় ৰাইজৰ অভিযোগ, বাগিচাৰ পকা লাইনৰ নলা-নৰ্দমা পৰিষ্কাৰ নকৰাৰ বাবেই এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে।

ইয়াৰ লগতে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অসুস্থ ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ বাবে সময় মতে এম্বুলেঞ্চৰ ব্যৱস্থা নকৰাৰ কথা ৰাইজে উল্লেখ কৰিছে। এই ঘটনাই বাগিচাৰ স্বাস্থ্য ব্যৱস্থা আৰু পৰিচালনাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজে জানিবলৈ দিছে যে নলা-নৰ্দমাৰ অপৰিচ্ছন্নতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই এনে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। তেওঁলোকে বাগিচা কৰ্তৃপক্ষৰ পৰা তৎকালীন পদক্ষেপ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই পৰিস্থিতিৰ তদন্তৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ৰোগৰ কাৰণ চিনাক্ত কৰি প্ৰতিৰোধৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাইজে আশা কৰিছে যে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰ্তৃপক্ষই দ্ৰুত আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব।

You might also like