ময়ূৰ বৰগোহাঁইৰ হৈ কাইলৈ নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাব ড০ হিমন্ত বিশ্ব শৰ্মাই
নাজিৰাৰ বিধায়ক তথা সৰ্বত্ৰে ভদ্ৰ আৰু নিকা ভাৱমূৰ্তিৰে পৰিচিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াক কিদৰে এইবাৰৰ ৰণত পেলাব পৰা যায় তাৰেই পৰিকল্পনাত ব্যস্ত মিত্ৰজোঁটৰ প্ৰাৰ্থী, যুৱনেতা ময়ূৰ বৰগোঁহাই আৰু দলীয় নেতা-কৰ্মী সকলে ইতিমধ্যে বিৰোধীৰ সমান্তৰালকৈ সমগ্ৰ সমষ্টিটোতে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে
শিৱসাগৰ জিলাৰ বৰছিলাত কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠন হোৱা ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি তথা শাসকীয় মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ জনপ্ৰিয় নেতাগৰাকীয়ে।
বৰছিলা অঞ্চলৰ কৰুণাকান্ত গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল নিৰ্বাচনী সভাখনিৰ বাবে ইতিমধ্যে আয়োজকসকলে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
বিগত কেইবাটাও কাৰ্যকাল বিৰোধী কংগ্ৰেছৰ দখলত থকা ঐতিহাসিক নাজিৰা সমষ্টিটো এইবাৰ কিদৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ দখললৈ নিব পৰা যায় তাৰেই প্ৰচেষ্টাত থকা শাসকীয় দলটোৰ নেতা-কৰ্মীসকলক উৎসাহ যোগাবলৈ মুখ্যমন্ত্ৰীজনৰ আগমনৰ বতৰা পাই সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাই সভাখনি সফল কৰি তুলিবলৈ উঠি-পৰি লাগিছে।
নাজিৰাৰ বিধায়ক তথা সৰ্বত্ৰে ভদ্ৰ আৰু নিকা ভাৱমূৰ্তিৰে পৰিচিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াক কিদৰে এইবাৰৰ ৰণত পেলাব পৰা যায় তাৰেই পৰিকল্পনাত ব্যস্ত মিত্ৰজোঁটৰ প্ৰাৰ্থী, যুৱনেতা ময়ূৰ বৰগোঁহাই আৰু দলীয় নেতা-কৰ্মী সকলে ইতিমধ্যে বিৰোধীৰ সমান্তৰালকৈ সমগ্ৰ সমষ্টিটোতে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
উল্লেখ্য যে নিজৰ ৰাজনৈতিক গুৰু বুলি সততে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈ ফুৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰই প্ৰতিদ্বন্দিতা কৰা সমষ্টিটোত প্ৰচাৰ চলাবলৈ অহাৰ কথাটোৱেও ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট গুৰুত্ব লাভ কৰিছে।
আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰৰ প্ৰাধান্য থকা সমষ্টিটোত কংগ্ৰেছৰ শক্তিশালী ভেটি খহাই প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে জয়ী হ’ব পাৰে নে নোৱাৰে সেয়াহে লক্ষণীয় হ’ব।
ডিজিটেল ডেস্ক, ৩ এপ্ৰিল