নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটৰ তেৰমাইলত গেছ পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : আজি মহানগৰীৰ সমীপৰ যোৰাবাটৰ তেৰমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰণ হেৰুৱাই যোৰাবাটৰ অকোৱা-পকোৱা পথৰ ওপৰতে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী GJ-12 BY-2645 নম্বৰৰ বৃহৎ গেছ পৰিবাহী টেংকাৰখন বাগৰি পৰে। দুৰ্ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ আৰু বহু সময় ধৰি উজনি-নামনিৰ যাতায়াত বন্ধ হৈ পৰে ৷ অৱশেষত ঘটনাস্থলীত যোৰাবাট যানবাহন আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বিভাগ উপস্থিত হৈ টেংকাৰখন উঠোৱাৰ ব্যৱস্থা কৰে ৷ দুৰ্ঘটনাত টেংকাৰখনৰ চালকজন আহত হয় আৰু আহত চালকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হয় ৷

প্ৰেৰক ৰমেশ দাস

You might also like