নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাজু টীম ইণ্ডিয়া : টি-২০ বিশ্বকাপলৈ দল ঘোষণা বিচিচিআইৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ ভাৰতে টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে দল ঘোষণা কৰিছে। এইবাৰ টীম ইণ্ডিয়াই ৰোহিত শৰ্মাৰ অধিনায়কত্বত খেলিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিৰ বৈঠক আজি অনুষ্ঠিত হয়। ৰোহিত শৰ্মাৰ লগতে যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্য্যকুমাৰ যাদৱ, ঋষভ পণ্ট আৰু সঞ্জু চেমচনে দলত স্থান লাভ কৰিছে। ৰিজাৰ্ভ খেলুৱৈৰ তালিকাত ৰখা হৈছে শুভমান গিলক। শিৱম ডুবেৰ ওপৰতো ব’ৰ্ডৰ আস্থা আছে। টীম ইণ্ডিয়াই দলটোত স্থান দিছে উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট আৰু সঞ্জু চেমছনক। আই পি এল ২০২৪ত চেমছন আৰু পণ্টে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। বহুদিনৰ মূৰত পুনৰ টীম ইণ্ডিয়ালৈ ঘূৰি আহিছে ঋষভ। গাড়ী দুৰ্ঘটনাৰ পিছৰে পৰা তেওঁ খেলপথাৰৰ পৰা আঁতৰত আছিল। কিন্তু আই পি এলৰ জৰিয়তে খেলপথাৰলৈ উভতি আহি তেওঁ নিজৰ ফৰ্ম প্ৰমাণ কৰিলে। তাৰ পৰাই তেওঁ লাভৱান হ’ল। চেমছনৰ কথা ক’বলৈ গ’লে ২০২৪ চনৰ আই পি এলত ৯খন মেচ খেলি ৩৮৫ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৪টা অৰ্ধশতক অৰ্জন কৰিছে। শিৱম ডুবে আৰু অক্ষৰ পেটেলৰ ওপৰতো আস্থা প্ৰকাশ কৰিছে বিচিচিআইয়ে। আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছে শিৱমে। তেওঁ বিস্ফোৰক বেটিঙৰ বাবে বিখ্যাত। ইয়াৰ লগতে তেওঁ ফিনিছাৰৰ ভূমিকাও পালন কৰে। শিৱম ডুবেই এই ছিজনত ৯খন খেলত ৩৫০ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৩টা অৰ্ধশতক অৰ্জন কৰিছে। অক্ষৰৰ কথা কওঁতে তেওঁ বলিঙৰ লগতে বেটিঙৰ ক্ষেত্ৰতো উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে। শুভমন গিলৰ স্থানক লৈ বহুত সন্দেহৰ সৃষ্টি হৈছিল। অৱশ্যে ইয়াক আওকাণ কৰা নাছিল ব’ৰ্ডে। ৰিজাৰ্ভ খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে শুভমনে। তেওঁৰ লগতে ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খানেও এই তালিকাত স্থান লাভ কৰিছে। ঘোষিত দলটো- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্য্যকুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজ।

You might also like