মুখাশিল্প অসমৰ এক পুৰণি আৰু বিশিষ্ট লোককলা।মুখাশিল্পৰ সৈতে জড়িত হৈ আছে মহাপুৰুষীয়া অমিয়া সংস্কৃতি ভাওনা।বৰ্তমান অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা এই শিল্পবোৰ লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে ৷
আধুনিক জীৱনশৈলী আৰু পৰিৱেশৰ পৰিৱৰ্তনে এই শিল্পৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে।তথাপিও, বহু লোকে ইয়াক জীয়াই ৰখাৰ চেষ্টা কৰি আছে। ইয়াৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি মুখা শিল্পৰ কামত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ এজাক শিক্ষাৰ্থী।
কোনোৱে যদি মুখাৰ আকৃতি দিছে, আন কোনোৱে আকৌ ৰং তুলিকাৰে মুখাত দিছে অন্তিম পৰশ। সততে ঢকুৱাখনাত দেখা নোপোৱা মুখাশিল্পৰ কামত ব্যস্ত হৈ পৰিছে এইজাক শিক্ষাৰ্থী।মাজুলীৰ মুখাশিল্পৰ নিচিনাকৈ গৰমৰ বন্ধৰ সময়চোৱাত মুখা নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ এইসকল শিক্ষাৰ্থী।
উল্লেখ্য যে সাংস্কৃতিক গোষ্ঠী সৃজনৰ উদ্যোগত ঢকুৱাখনা কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত ৫দিনিয়াকৈ আয়োজন কৰা হৈছে পৰম্পৰাগত মুখাশিল্পৰ কৰ্মশালাৰ।এই কৰ্মশালাত কণ কণ শিশুসকলে মুখা নিৰ্মাণত একাত্ম হৈ পৰিছে। তেওঁলোকে অতি আনন্দমনে বিভিন্ন ধৰণৰ মুখাৰ প্ৰস্তুতকৰণৰ কামত ব্যস্ত হৈ পৰিছে। মুখা প্ৰস্তুতকৰণৰ দৰে আমোদজনক কাম কৰি আনন্দিত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল।
সৃজনৰ পৰিচালিকা পূৰবী বুঢ়াগোহাঁয়ে জনোৱা অনুসৰি মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী প্ৰণৱ বৰুৱা, বিজয় কৃষ্ণ বৰুৱা আৰু ঋষিকেশ গোস্বামীৰ ততত্বাৱধানত কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংক্ষগ্ৰহন কৰিছে এই পৰম্পৰাগত মুখা নিৰ্মাণৰ কৰ্মশালাত।মহাপুৰুষ জনাৰ অমৰ সৃষ্ট মুখা কেনেকৈ শুদ্ধ ৰূপত নিৰ্মাণ কৰিব পাৰি তাৰেই প্ৰশিক্ষণ গ্ৰহণ কৰি আছে শিক্ষাৰ্থীসকলে।অসমৰ মুখা শিল্পক জীয়াই ৰখাৰ বাবে সৃজনৰ এই পদক্ষেপ এক ইতিবাচক দিশ বুলি প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱক সকলে অভিহিত কৰি ইয়াৰ দ্বাৰা অসমৰ কৃষ্টি আৰু পৰম্পৰা যুগ যুগ ধৰি চলি থাকিব বুলি আশা প্ৰকাশ কৰিছে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা : Date of Published, 7 July