নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰী লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক অধিৱেশন-মুখপত্ৰ উন্মোচন

বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : বাঘৰবৰি দুৰ্গা মন্দিৰ প্ৰাংগণত ২৩ ফেব্ৰুৱাৰীত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পাঞ্জাবাৰী শাখাৰ বাৰ্ষিক অধিৱেশন আৰু মুখপত্ৰ উন্মোচন কৰা হয় । চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰে সভাৰ কাম আৰম্ভ হয়। সভাত বন্তি প্ৰজ্বলন কৰে কামৰূপ (ম) জিলা পৰিষদ লেখিকা সমাৰোহ সমিতিৰ সভাপতি কমলা উজীৰে । সভাৰ আঁত ধৰে শাখাৰ কাৰ্যকৰী সভাপতি ড০ মৰমী চৌধুৰীয়ে । ভৱানী মুদৈৰ বৰগীত পৰিৱেশনে সভাত এক আধ্যাত্মিক ভাবৰ উদ্ৰেক ঘটায় । সভাত আদৰণী ভাষণ আগবঢ়ায় সহ: সম্পাদিকা অঞ্জনা দাসে । ড০ গায়ত্ৰী মেধিৰ পৌৰোহিত্যত সভাৰ কাম সুচাৰু ৰূপে পৰিচালিত হয় । সভাত উদ্দেশ্য ব্য়াখ্যা আৰু প্ৰতিবেদন পাঠ কৰে সম্পাদিকা জুনুমণি শৰ্মাই । অধিৱেশনত সাহিত্য অকাডেমি বঁটা বিজয়ী কবি-ঔপন্যাসিক ড০ ৰীতা চৌধুৰীয়ে শাখাৰ প্ৰথম সংখ্যক মুখপত্ৰ ‘মন্দাকিনী’ উন্মোচন কৰে। সভাত কবি-ঔপন্যাসিক ড০ ৰীতা চৌধুৰী, কামৰূপ মহানগৰ জিলা পৰিষদ লেখিকা সমাৰোহৰ উপদেষ্টা নীলিমা বৰা, সভাপতি কমলা উজীৰ, কাৰ্যকৰী সভাপতি দৰ্পণা বৰা নেওগ, লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি সুনীতি সোণোৱাল, শাখাৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্মিলা চক্ৰবৰ্তী, পাঞ্জাবাৰী শাখা সাহিত্য সভাৰ সভাপতি ৰুমা ৰাজখোৱা আদি বিশিষ্ট বক্তাই সাৰুৱা বক্তৃতা প্ৰদান কৰে । কবিতা আবৃত্তি কৰে ক্ৰমে দীপিকা কলিতা আৰু চিত্ৰা বৰ্মনে । ড০ গায়ত্ৰী মেধিয়ে সভাপতিৰ ভাষণ আগবঢ়ায় আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । জিলা পৰিষদ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালি ভাগৱতী, বিভিন্ন শাখাৰ সভাপতি-সম্পাদকৰ লগতে শাখাৰ সদস্যাসকল আৰু সাহিত্যপ্ৰেমী ৰাইজৰ উপস্হিতিয়ে অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলে । শাখাৰ উপ-সভাপতি মাধুৰী ভূঞা কলিতাই উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়ায় । শেষত অসম সংগীত পৰিৱেশনেৰে সভাখন সমাপ্ত হয় ।

You might also like