নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত স্থাপন হ’ব এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিক্ষা ব্যৱস্থা উন্নত কৰা ক্ষেত্ৰত ২০২১-২২ বৰ্ষৰ বাজেটত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে পাহাৰীয়া জিলাসমূহ আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগিতাৰ বাবে কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “কাৰ্বি আংলং হৈছে ৰাজ্যৰ আটাইতকৈ ডাঙৰ জিলা। আমাৰ চৰকাৰে পাহাৰীয়া জিলাসমূহ আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগিতাৰ বাবে কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে।”

You might also like