দিল্লী বিমানবন্দৰত মাজনিশা আতংক, টেক অফৰ সময়তে ভয়ংকৰ বিমান দুৰ্ঘটনা
ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : দিল্লী বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে ইঞ্জিন বিকল হোৱাৰ ফলত ছুইছ এয়াৰৰ এখন বিমানৰ ইঞ্জিনত হঠাতে জুই লাগে। এই ঘটনাত ৬জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি দিল্লী বিমানবন্দৰত চাঞ্চল্যৰ সৃষ্টি হয়।
শনিবাৰে নিশা বিমানখন দিল্লীৰ পৰা ছুইজাৰলেণ্ডৰ জুৰিখলৈ যাত্ৰা কৰাৰ কথা আছিল। নিশা প্ৰায় ১ বাজি ৮ মিনিটত উৰণৰ কেইছেকেণ্ডমান আগতে বিমানখনৰ এটা ইঞ্জিন হঠাতে বিকল হৈ পৰে আৰু লগে লগে তাত জুই লাগে। এই ঘটনাত যাত্ৰীসকল আতংকিত হৈ পৰে। পাইলটে তৎক্ষণাত টেক অফ বাতিল কৰি যাত্ৰীসকল সুৰক্ষিতভাৱে নামি যোৱাৰ ব্যৱস্থা কৰে। বিমানকৰ্মীসকলে সকলো যাত্ৰীক সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰে আৰু উদ্ধাৰকাৰী দলো ঘটনাস্থলীত উপস্থিত হয়।
ঘটনাত আহত হোৱা ৬জনক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিমানখনত মুঠ ২২৮জন যাত্ৰী আছিল, যাৰ ভিতৰত চাৰিটি শিশুও আছিল। অৱশ্যে এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বিমান সংস্থাই জনোৱা মতে, ঘটনাটোৰ সম্পূৰ্ণ তদন্ত চলি আছে।
এটা বিবৃতিত ছুইছ এয়াৰে কয় যে এনেধৰণৰ ঘটনা যথেষ্ট চিন্তাজনক। তেওঁলোকে যাত্ৰীসকলৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে আৰু সকলো ধৰণৰ সহায় আগবঢ়াব। লগতে দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ শীঘ্ৰে বিশেষজ্ঞৰ এটা দল দিল্লীত উপস্থিত হ’ব বুলি জনোৱা হৈছে।