নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী-ঔষধৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত নগাঁও আছুৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাই অসম চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধ, মাচুলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তক সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে। এই সিদ্ধান্ত জনবিৰোধী আৰু হঠকাৰী। চৰকাৰখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে। ৰাইজক সকাহ দিয়াৰ পৰিৱৰ্তে মূল্যবৃদ্ধি কৰা সিদ্ধান্ত জনস্বাৰ্থৰ প্ৰতি চৰকাৰখনৰ উদাসীনতাক সূচায়ছে। সেয়ে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আজি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস কৰিবলে দাবী জনাইছোঁ। আজি বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়া, জিলা সভাপতি সীমান্ত বৰা সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱাৰ লগতে এশ ছাত্ৰ প্ৰতিনিধিয়ে।

প্ৰেৰক কনক হাজৰিকা

You might also like