নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ বছৰ পূর্বে মৃত্যু হোৱা কন্যাৰ বাবে দৰা বিচাৰি বিজ্ঞাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : কোনো ৰহস্যঘন কাহিনী নহয় বাস্তৱত ভূত বা আত্মাৰ বিয়া চাবলৈ ওলাইছে কর্ণাটকৰ বেংগালুৰুৰ বাসিন্দাই ৩০ বছৰ পূর্বে মৃত্যু হৈছিল কন্যাৰ৷ মৃত সেই কন্যাৰ বিয়াৰ বাবে পাত্র বিচাৰি সংবাদ–পত্রত বিজ্ঞাপন দিছে পৰিয়ালে৷ কন্যাৰ আত্মাৰ বাবে উপযুক্ত জোঁৱাই আত্মা বিচাৰি বিজ্ঞাপন দিয়া হৈছে সংবাদ–পত্রত৷ এই ঘটনা কোনেও সহজভাৱে লোৱা নাই৷ একাংশ লোকে এই বিজ্ঞাপন পঢ়ি হাঁহিৰ খোৰাক পাইছে৷ আনফালে একাংশ আৰু এই বিজ্ঞাপনক লৈ আতংকিত৷ তেওঁলোকৰ ধমনীৰে বৈছে তেজৰ শীতল স্রোত৷ পাত্র বিচাৰি বিজ্ঞাপন দিয়া এই ঘটনা দক্ষিণ কন্নৰ জিলাৰ পুট্টুড়ৰ৷ আত্মাৰ বিয়া পাতি দিয়া এই অঞ্চলৰ বাসিন্দাসকলৰ এটা ধর্মীয় ৰীতি৷ এই প্রথাক স্থানীয়সকলে কয় ‘কুলে মাদিমে’ অথবা ‘প্রেত মাডুভে’৷ এসপ্তাহ পূর্বে সংবাদ–পত্রত ব্যতিক্রমী বিজ্ঞাপনটো প্রকাশ পায়৷ এই বিজ্ঞাপনত বর্ণ, গোত্রৰ উল্লেখ কৰা মৃত কন্যাৰ বাবে পাত্রৰ আত্মাৰ সন্ধান কৰা হৈছে৷ এনে পাত্রৰ দাবী কৰা হৈছে, যাৰ ৩০ বছৰ পূর্বে মৃত্যু হৈছে৷ ৩০ বছৰ পূর্বে মৃত্যু হোৱা কন্যাৰ পৰিয়ালে দাবী কৰা অনুসৰি বিজ্ঞাপন প্রকাশ পোৱাৰ পিছত কমপক্ষেও ৫০গৰাকী লোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে৷ আগ্রহীসকলৰ মাজত কোনো পাত্রক পছন্দ হ’লে ৰীতি পালনৰ বাবে দিন–ক্ষণ চূড়ান্ত কৰা হ’ব৷ কন্যাৰ পৰিয়ালৰ এগৰাকী সদস্যই সংবাদ মাধ্যমক জনায় যে এই বিজ্ঞাপনৰ পিছতে বিষয়টোক লৈ বিভিন্ন মহলে ঠাট্টা কৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু তেনেকুৱা অবাঞ্ছিত ঘটনা ঘটা নাই৷ আনকি এই বিশেষ ৰীতি সম্পর্কে জানিবলৈ বহু লোকে টেলিফোনত যোগাযোগ কৰিছে৷ উল্লেখনীয় যে আত্মাৰ বিয়া পাতি দিয়া এই ‘প্রেত মাডুভে’ ৰীতিৰ উদ্দেশ্য হৈছে অবিবাহিত অৱস্থাত মৃত পৰিয়ালৰ সদস্যসকলৰ অপূর্ণ ইচ্ছা পূৰণ কৰা৷ পছন্দৰ পাত্র বিচাৰি পালে জীৱিতসকলৰ দৰে সকলো নিয়ম মানি আত্মাৰ বিয়া পাতি দিয়া হয় কর্ণাটকত৷ স্থানীয়সকলে বিশ্বাস কৰে যে মৃতৰ বিয়া পাতি দিলে জীৱিতসকলৰ বিয়াৰ ক্ষেত্রত বাধাও দূৰ হয়৷

You might also like