নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰিজোনা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ ঢকুৱাখনাৰ হৈমন্ত ঈশানৰ

বিশেষ বাৰ্তা, ১৫ মে’ : ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়ালে দুলীয়াগাঁৱৰ মেধাৱী হৈমন্ত ঈশানে।ঢকুৱাখনাৰ সু-সন্তান হৈমন্ত ঈশানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ARIZONA STATE UNIVERSITY “School of Earth and Space Exploration”ৰ পৰা “ধৰিত্ৰী আৰু মহাকাশ অনুসন্ধান” বিষয়ত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰশংসনীয় সফলতাৰে সমাপ্ত কৰি ঢকুৱাখনাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখ্য যে “Artificial Intelligence, Machine Learning, Deep Learning, Data Analysis, Quantum Computing” আদি বিষয়ত ইতিমধ্যে নিজৰ দক্ষতা প্ৰমাণিত কৰি হৈমন্ত ঈশানে-“NASA PARTNERED ECLIPSE AMBASSADOR, NASA L’SPACE PROGRAM ATTENDANT, YOUNG SPACE ROCKET ED PROGRAM,IBM QUANTUM EXCELLENCE AWARDEE,PRINCETON P4 SCHOLAR” আদি কেইবাটাও কৃতিত্ব অৰ্জন কৰি বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পত অংশগ্ৰহণৰ লগতে কাম কৰাৰ সুযোগ লাভ কৰিছে। “জ্যোতি পদাৰ্থবিদ্যা আৰু ব্ৰহ্মাণ্ড বিজ্ঞান” বিষয়ত উচ্চ শিক্ষা আহৰণৰ বাবে অহা চেপ্তেম্বৰত হৈমন্ত ঈশান ইউৰোপ অভিমুখে যাত্ৰা কৰিব।ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়া আৰু ঢকুৱাখনা জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জুৰি দাসৰ একমাত্ৰ পুত্ৰ হ’ল হৈমন্ত ঈশান।
প্ৰেৰক ৰাজীৱ বৰুৱা
You might also like