নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি

সতর্ক হ’বলৈ স্বাস্থ্য বিভাগৰ সকীয়নি

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ  দেশৰ কেইবাখনো ৰাজ্যত ক’ৰোনা সংক্রমণে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ সময়তে অসমতো পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ সংক্রমণ৷ যোৱা বর্ষৰ শেষ সময়ছোৱাত ক’ৰোনাৰ সংক্রমণ হ্রাস পোৱা হেতু স্বাভাৱিক জীৱনযাত্রা আৰম্ভ হৈছিল যদিও জানুৱাৰীৰ শেষভাগৰ পৰা পুনৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ একাংশ অঞ্চলত এজন–দুজনকৈ পুনৰ ক’ৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে৷ ৰাজ্যত পুনৰ আৰম্ভ হোৱা ক’ৰোনাৰ সংক্রমণক লৈ চিন্তা ব্যক্ত কৰি আজি স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হাই কয় যে সাৱধানতাই এতিয়া ক’ৰোনাৰ পৰা নিজকে বচাই ৰখাৰ একমাত্র উপায়৷ ক’ৰোনাৰ নীতি–নিয়মসমূহ কিছু পৰিমাণে শিথিল হৈ পৰিছে যদিও শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ক’ৰোনা প্রট’কল কঠোৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছন সঞ্চালকালয়ত সোমবাৰে স্বাস্থ্য বিভাগ আৰু ইউনিচেফৰ উদ্যোগত এক বিশেষ বৈঠক অনুষ্ঠিত হয়৷ মুখ্যতঃ ক’ৰোনাৰ ভেকচিন উৎপাদনৰ ক্ষেত্রত বিভাগে গ্রহণ কৰিবলগীয়া বিভিন্ন দিশসমূহ পর্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকৰ পাছতেই এখন সংবাদ মেলত সমীৰ সিন্হাই কয় যে ক’ৰোনাক লৈ শংকাৰ প্রয়োজন নাই৷ ৰাজ্যবাসীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে স্বাস্থ্য বিভাগে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰি আছে৷ চলিত মাহত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা কিছু বৃদ্ধি পাইছিল যদিও সেয়া সম্পূর্ণ নিয়ন্ত্রণত আছে৷ প্রধান সচিবজনে প্রকাশ কৰা অনুসৰি ১৫ ফেব্রুৱাৰীত ১১জন লোক ক’ৰোনাত আক্রান্ত হৈছিল৷

আনহাতে, ১৭ ফেব্রুৱাৰীত ২১, ১৮ ফেব্রুৱাৰীত ১৯জন, ১৯ ফেব্রুৱাৰীত ২৩জন, ২০ ফেব্রুৱাৰীত ১৬জন আৰু ২১ ফেব্রুৱাৰীত ৯জন লোক ক’ৰোনা আক্রান্ত হৈছে৷ বর্তমানলৈ সমগ্র দেশতে ১ কোটি ৯ লাখ ৯১ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হৈছে আৰু অসমত এই সংখ্যা ২ লাখৰো অধিক হৈছে৷ যিহেতু ক’ৰোনাৰ সংক্রমণ অব্যাহত আছে, সেয়েহে প্রতিগৰাকী লোকে সজাগ আৰু সচেতন হৈ থাকিব লাগিব৷ ইফালে ক’ৰোনাৰ ভেকচিন প্রদান কৰাৰ প্রসংগত তেওঁ কয়– মহামাৰীৰ সময়ত সন্মুখত থাকি সেৱা আগবঢ়োৱা স্বাস্থ্যকর্মী, নার্ছ, অংগনৱাড়ী কর্মী, পঞ্চায়ত কর্মীসকলক ভেকচিন প্রদান কৰি থকা হৈছে৷ চলিত মাহৰ শেষভাগত প্রথম প্রক্রিয়া শেষ হোৱাৰ পাছতে মার্চ মাহৰ প্রথম সপ্তাহৰ পৰাই ৫০ বছৰৰ ঊর্ধ্বৰ লোকসকলক ক’ৰোনাৰ ভেকচিন প্রদান কৰা হ’ব৷ তদুপৰি মধুমেহ বা বৃক্ক ৰোগ আদি ৰোগত আক্রান্ত হৈ থকা লোকসকলকো মার্চ মাহৰ পৰা প্রদান কৰা হ’ব ভেকচিন৷

ইফালে ভেকচিন প্রদানৰ ফলত বহু লোক অসুস্থ হোৱাক লৈ চলি থকা প্রতিক্রিয়াৰ প্রসংগত প্রধান সচিবজনে কয় যে ৰাজ্যৰ ভিন্ন প্রান্তত ১.৯ লাখ স্বাস্থ্যকর্মীয়ে ভেকচিন প্রদান কৰি আহিছে৷ এই বৃহৎসংখ্যক লোকে ভেকচিন প্রদান কৰি থকাৰ সময়ত মাত্র ৮৫টা সৰু–সুৰা ঘটনা ঘটিছে যদিও নিয়ন্ত্রণত আছে৷ অসমত এতিয়ালৈ ভেকচিন লৈ কোনো লোক গুৰুতৰভাৱে অসুস্থ হোৱা নাই৷ আনহাতে, দেশৰ বিভিন্ন ৰাজ্যত ক’ৰোনাৰ সংক্রমণৰ বৃদ্ধিৰ বিষয়টোৰ প্রতি লক্ষ্য ৰাখি ৰে’লেৰে আৰু বিমানেৰে অহা যাত্রীসকলৰ ক’ভিড টেষ্ট অব্যাহত থাকিব বুলি উল্লেখ কৰে যদিও ১ মার্চৰ পাছত এই সন্দর্ভত স্বাস্থ্য বিভাগে নতুন এছ অ’ পি মুকলি কৰিব বুলিও তেওঁ  উল্লেখ কৰে৷ মন কৰিবলগীয়া যে ডনবস্ক’ বিদ্যালয়ৰ এগৰাকী শিক্ষক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত মহানগৰীৰ আন এখন বিদ্যালয় হলীচাইল্ড বিদ্যালয়তো ক’ৰোনাৰ সংক্রমণ ঘটিছে৷ বিদ্যালয়খনৰ দুজন শিক্ষার্থীৰ অভিভাৱক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত হলীচাইল্ডৰ দশম শ্রেণীৰ অনলাইন প্রি–ব’ডৰ পৰীক্ষা বাতিল কৰা হয়৷ স্মর্তব্য যে ডনবস্ক’ বিদ্যালয়ৰো ২৭ ফেব্রুৱাৰীৰ পৰা হ’ব লগা সকলো পৰীক্ষা পৰৱর্তী জাননী নিদিয়ালৈ বাতিল কৰা হৈছে৷ গুৱাহাটীত ক’ৰোনা সংক্রমণ কিছু বৃদ্ধি পোৱাৰ সময়তে ব্যক্তিগত বিদ্যালয়ৰ চতুর্থ শ্রেণীৰ পৰা ষষ্ঠ শ্রেণীলৈ হ’ব লগা পৰীক্ষাসমূহ বাতিল কৰি অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছন সঞ্চালকালয়ত অনুষ্ঠিত আজিৰ উচ্চস্তৰীয় বৈঠকত মিছন সঞ্চালক ড০ লক্ষ্মণন এছ, প্রধান সচিব অনুৰাগ গোৱেলৰ লগতে কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like