নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ

বিশেষ বাৰ্তা, ১৪ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থা (AASU)-ই জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ দাবীত ৰাজ্যব্যাপী এলানি কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ ভিতৰত আছে— ১৪ অক্টোবৰত অৱস্থান ধৰ্মঘট, ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন আৰু ২৩ অক্টোবৰত ৰাজ্যজুৰি প্ৰতীকী ন্যায় সমদল।

এই অনুসৰি আজি (১৪ অক্টোবৰ) সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰৰ ৰাজহুৱা স্থানত অৱস্থান কৰি বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰে আছুৱে। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে আছুৰ কেইবাশ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে।

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- ‘তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হোৱাৰ লগতে এখন কটকটীয়া চাৰ্জশ্বীট দিব লাগে। আইনৰ সুৰুঙাৰে দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব, দোষীয়ে কঠোৰ শাস্তি পাব লাগিব।’ তদুপৰি আছুৰ সভাপতি উৎপল শৰ্মা কয়- ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি সেয়া অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে।

প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবীত আজি আছুৰ বিভিন্ন জিলা সমিতিয়ে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি জুবিন গাৰ্গৰ ক্ষিপ্ৰ ন্যায়ৰ দাবী উত্থাপন কৰে । বিক্ষোভ কাৰ্যসূচীত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় লাগে ইত্যাদি শ্লোগান দিয়ে আছু কৰ্মীয়ে।

You might also like