নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালয়েছিয়াৰ মালয় বিশ্ববিদ্যালয়লৈ নিৰ্বাচিত ঢকুৱাখনাৰ অভিনৱ নেওগ

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা মেধাসম্পন্ন তথা প্ৰকৃতি আৰু পৰিৱেশ বিষয়ক সচেতন ২২গৰাকী ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰৰ দূৰদৰ্শী আঁচনি “মুখ্যমন্ত্ৰীৰ গ্ৰীন ফেল’শ্বিপ প্ৰ’গেম ২০২৫–২৬”ৰ অধীনত মালয়েছিয়াৰ কুৱালালামপুৰস্থিত বিখ্যাত মালয় বিশ্ববিদ্যালয়ত গ্ৰীন এনাৰ্জী ফেল’শ্বিপৰ বাবে নিৰ্বাচন কৰিছে।

এই ফেল’শ্বিপৰ অধীনত ছাত্র-ছাত্রীসকলে পাব ইণ্টাৰ্নশ্বিপৰ সুবিধা। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ স্বাৰ্থত নতুন প্ৰজন্মক উৎসাহিত কৰা আৰু ৰাজ্যৰ পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা এই ফেল’শ্বিপৰ বাবে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ৰসায়ন বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ অভিনৱ নেওগ নিৰ্বাচিত হৈ ঢকুৱাখনা সম-জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

অভিনৱ ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ৰসায়ন বিভাগৰ সহযোগী অধ্যাপক তথা অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ আজীৱন সদস্য ড° সত্যৰঞ্জন নেওগ আৰু খেৰকটামুখ কনেং হাইস্কুলৰ শিক্ষয়িত্ৰী পল্লৱী নেওগৰ একমাত্ৰ সন্তান। মালয়েছিয়াৰ কুৱালালামপুৰস্থিত বিশ্ববিখ্যাত মালয় বিশ্ববিদ্যালয়ত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন দিশ অধ্যয়ন কৰিব নিৰ্বাচিত ছাত্ৰগৰাকীয়ে।

বিদেশত লাভ কৰা অভিজ্ঞতা আৰু তথ্যসমূহ অনাগত সময়ত অসম চৰকাৰৰ অধীনত থকা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক আগবঢ়াব মেধাৱী ছাত্ৰ অভিনৱ নেওগে। মেধাৱী ছাত্ৰজনৰ এই সাফল্যত মহাবিদ্যালয় পৰিয়াল, স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ লগতে মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাই শুভেচ্ছা জনাইছে। তদুপৰি অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখা আৰু মেগামিক্স প্ৰকৃতি সংঘই অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এই অভিলাষী আঁচনিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩ ফেব্ৰুৱাৰী :

You might also like