মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত চামগুৰিত চাইকেল বিতৰণ
চামগুৰি সমষ্টিৰ তাৰাবাৰী হাইস্কুলত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণৰ কাৰণে আজি এক সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্বপ্ৰত্যাশী নাজিৰ হুছেইন।
বিজেপি নেতাজন উপস্থিত থাকি মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰে। বিজেপি নেতাজনে নিজৰ ভাষণত কয় যে মুখ্যমন্ত্রীৰ এই আঁচনিৰ জৰিয়তে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ নতুন আশাৰ পোহৰ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনকল্যাণমূলক বিশেষ আঁচনিৰ প্ৰদানৰ কাৰণে মুখ্যমন্ত্রীক ধন্যবাদ আৰু অভিনন্দন কৰে বিজেপি নেতা নাজিৰ হুছেইনে। সভাখনত তাৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হাৰুণ ৰশ্বিদ, বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৩ ফেব্ৰুৱাৰী