নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত এবিভিপিৰ ব্যক্তিত্ব বিকাশ শিবিৰৰ সামৰণি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ব্ৰহ্মপুত্ৰ জিলা (গুৱাহাটী মহানগৰ)ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত সাতদিনীয়াকৈ‌ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত ব্যক্তিত্ব বিকাশ শিবিৰৰ সামৰণি পৰে। ২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল ২০২৪ লৈ অনুষ্ঠিত হোৱা এই শিবিৰত প্ৰতিদিনে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ আগত নিজৰ নিজৰ বিষয়ৰ ওপৰত ব্যক্তব্য ৰাখে। এই শিবিৰত বিশেষকৈ হাইস্কুল বা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কেনেদৰে পঢ়িব, নেতৃত্বৰ বিকাশ, লিখনি লিখন, বক্তৃতা প্ৰদান আদিৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’য়। ইনটাৰভিউ এটাত আমি কেনেদৰে মুখামুখি হ’ব লাগে, সামূহিক ভোজন, অসম আৰু ভাৰতৰ গৌৰৱময় ইতিহাস আদি আছিল এই ব্যক্তিত্ব বিকাশ শিবিৰৰ কেন্দ্ৰবিন্দু। আজি অন্তিম দিনটোত ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় (এন এল ইউ), আই আই টি, এন ই ডি এফ আইৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহলৈ লৈ যোৱা হয় আৰু তাত থকা বিশেষজ্ঞ সকলক সৈতে মতবিনিময় কৰাৰ সুবিধা কৰি দিয়া হয় । নেডফিৰ সঞ্চালক পি.এছ.ভি.এল.এন. মূৰ্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হ’বলৈ উৎসাহিত কৰাৰ লগতে সকলোকে এই শিবিৰত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে । সামৰণিৰ এই কাৰ্যসূচীত মহানগৰ মন্ত্ৰী স্বপ্ননীল হালৈ, ব্ৰহ্মপুত্ৰ জিলা সাংগঠনিক সম্পাদক বৰ্ষা গোহাঁই, ব্ৰহ্মপুত্ৰ শাখা সম্পাদক ভাৰ্গৱ দাস, বি. বৰুৱা মহাবিদ্যালয় গোটৰ সম্পাদিকা চয়নিকা পাঠক বিশেষভাৱে উপস্থিত থাকে।

You might also like