নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ নৱম ধনাঢ্য ব্যক্তি মুকেশ আম্বানি; ৬৪.৬ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি সম্পত্তি

নিয়মীয়া বাৰ্তা, ২১ জুনঃ  ক’ভিড–১৯ লকডাউনৰ বাবে বিধ্বস্ত বিশ্বৰ অর্থনীতি৷ দ্রুতগতিত অৱনমিত ভাৰতৰ অর্থনীতি৷ কিন্তু ৫৮ দিনৰ লকডাউনৰ সময়ত এগৰাকী ভাৰতীয়ই উপার্জন কৰিলে অর্থাৎ নিজৰ সম্পত্তি  বৃদ্ধি কৰিলে ১.১৪ লাখ কোটি টকা (১৫ বিলিয়ন মার্কিন ডলাৰ)৷

অবিশ্বাস্য হ’লেও মাত্র ৫৮ দিনতে ১৫ বিলিয়ন মার্কিন ডলাৰ উপার্জন কৰি বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ নৱম স্থান লাভ কৰিলে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে৷

ফ’বর্ছৰ ৰিয়েল টাইম বিলিয়নাৰৰ তালিকাত শীর্ষ ১০ ৰ স্থানৰ ভিতৰত নৱম স্থানত মুকেশ আম্বানিয়ে স্থান লাভ কৰিলে তেওঁৰ সম্পত্তি ৬৪.৫ বিলিয়ন মার্কিন ডলাৰৰ বাবে৷ লকডাউনৰ সময়ত জি’ প্লেটফর্মত বিদেশী বৃহৎ পুঁজিপতিয়ে বিনিয়োগ কৰাৰ বাবেই এই লাভজনক স্থিতিত উপনীত হয় উদ্যোগপতি মুকেশ আম্বানি৷

       উল্লেখ্য যে যোৱা মার্চ মাহত ফ’বর্ছে প্রকাশ কৰা বার্ষিক বিলিয়নাৰৰ তালিকাত ৩৬.৮ বিলিয়ন মার্কিন ডলাৰেৰে ২১সংখ্যক স্থানত থকা উদ্যোগপতি আম্বানিয়ে দুমাহৰ ভিতৰতে তেওঁৰ সম্পত্তি ৬৪.৬ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰি আশ্চর্যজনকভাৱে বিশ্বৰ নৱম ধনাঢ়্য ব্যক্তি ৰূপে স্বীকৃতি লাভ কৰিলে৷ লক্ষণীয় যে আম্বানিয়ে অৰেকলৰ লেৰি ইলিছন আৰু ফ্রান্সৰ ফ্রাংনকইছ বেটেনক’ট মেয়ৰক অতিক্রম কৰি নৱম স্থান লাভ কৰে৷ এই তালিকাত আমাজনৰ প্রতিষ্ঠাতা জেফ বেজ’ছ ১৬০ বিলিয়ন মার্কিন ডলাৰেৰে শীর্ষস্থানত থকাৰ বিপৰীতে ১১২ বিলিয়ন মার্কিন ডলাৰেৰে দ্বিতীয় স্থানত আছে বিল গেটছ৷ তেনেদৰে ৯০ বিলিয়ন মার্কিন ডলাৰেৰে মার্ক জুকেৰবার্গ তৃতীয় স্থানত আৰু ৭১.৫ বিলিয়ন মার্কিন ডলাৰেৰে চতুর্থ স্থানত আছে ৱাৰেনবাফেট৷

তাৎপর্যপূর্ণ যে জি’ প্লেটফর্মৰ যোগেদি নিজৰ সম্পত্তি বৃদ্ধি কৰা ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ বিশ্বৰ বৃহত্তম তেল শোধনাগাৰ কমপ্লেক্স আৰ আই এলত ৪২ শতাংশ শ্বেয়াৰ আছে৷ অর্থাৎ এই কোম্পানীটোৰ ৪২ শতাংশৰ মালিকী স্বত্ব মুকেশ আম্বানিৰ৷ গুৰুত্বপূর্ণ যে যোৱা মার্চ মাহত ৰিলায়েঞ্চৰ স্বত্বাধিকাৰীগৰাকী ১.৬১ লাখ কোটি টকাৰ বেংকৰ ঋণ আছিল যদিও আজিৰ তাৰিখত কোম্পানীটো সম্পূর্ণৰূপে ঋণমুক্ত বুলি ঘোষণা কৰিছে আম্বানিয়ে৷

You might also like