নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস চাবলৈ গৈ অচিনাকি বাহনৰ খুন্দাত নিহত ভিনীহি-খুলশালি

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ লালুকত যোৱানিশা ৰাস উপভোগ কৰিবলৈ গৈ সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱা মৰ্মান্তিক খবৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজক মৰ্মাহত কৰি তুলিছে৷ জানিব পৰা মতে লালুক থানাৰ অন্তৰ্গত ডুবি নামৰ ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এখন স্কুটীসহ দুজন লোক যোৱানিশা দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰে৷ ৰাইজে ততাতৈয়াকৈ লালুক আৰক্ষীক খবৰ দিয়ে৷ লালুক চি আই দীপাংকৰ বৰাসহ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ দুয়োগৰাকী দুৰ্ঘটনাগ্ৰস্ত লোকক ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে দুয়োকে ইতিমধ্যে মৃত ঘোষণা কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে লালুক থানাৰ অন্তৰ্গত গাভৰু টুনিজানৰ বসন্ত গগৈ (৩৯) আৰু পিলখানা পদুমনি গাৱঁৰ কেশৱ গগৈ (২৪) সমন্ধত ভিনীহি-খুলশালিয়ে যোৱানিশা এ এছ ০৭ কিউ ৫৭৩১ নম্বৰৰ স্কুটীখনেৰে ৰাস চাবলৈ গৈছিল৷ দুয়োগৰাকীয়ে ৰাস চাবলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেদি গৈ থকা অৱস্থাত ডুবি নামৰ ঠাইত নিশাই অচিনাকি বাহনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে৷ দুয়োগৰাকী স্কুটী আৰোহী পথৰ কাষত পৰি ৰয়৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োগৰাকীকে লালুক আদৰ্শ চিকিৎসালয়লৈ লৈ যায়৷ দুৰ্ঘটনাত দুগৰাকী লোক অকাল মৃত্যুক সাবটি লোৱা খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে৷ আৰক্ষীয়ে আজি দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন কৰায়ত্ত কৰিবলৈ আৰক্ষী অভিযান অব্যাহত আছে৷

প্ৰেৰক মৃদুল ফুকন

You might also like