নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী ৰাস মহোৎসৱৰ ৯০সংখ্যক স্মৃতিগ্ৰন্থ উন্মোচন

🔴অসমত প্ৰথমে সামাজিক ন্যায় দিছিল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে : প্ৰশান্ত ৰাজগুৰু

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ অসমৰ বৈষ্ণৱ আন্দোলনে পৃথিৱীত সামাজিক ন্যায়ৰ কথা কৈছে। পৃথিৱীত কতো নোহোৱা প্ৰথম বাৰৰ বাবে সামাজিক ন্যায় দিছিল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ গুৰুদুজনাই। অসমৰ বৈষ্ণৱ আন্দোলন এটা সুকীয়া মৰ্যাদা আছে। ভাৰত বৰ্ষৰ বৈষ্ণৱ আন্দোলন অসমৰ লগত তুলনা কৰিব নোৱাৰি। অসমৰ চৰিত্ৰ অত্যন্ত বেলেগ। সামাজিক ন্যায় ধাৰণাটো পৃথিৱীৰ কতো কোনো পৰিচয় নাছিল। কিন্তু সেই সময়তে সামাজিক ন্যায় দিছিল মহাপুৰুষ দুজনাই। নলবাৰী ৰাস মহোৎসৱে ৯০ সংখ্যক পৰা ১০০ সংখ্যক হওঁক। তেতিয়া হে নলবাৰীৰ ৰাইজৰ মন এক শতাংশ পূৰ্ণ হব বুলি মই ভাবো। নলবাৰীৰ ৯০ সংখ্যক ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে। স্মৃতিগ্ৰন্থ সমিতিৰ সম্পাদক তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁতধৰা আৰু ৯০ তম্ ৰাস মহোৎসৱৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সঞ্চালনা কৰা খনত স্মৃতিগ্ৰন্থ খন উন্মোচন কৰি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে পুনৰ কয় যে স্মৃতিগ্ৰন্থ সমিতিৰ সভাপতি সুকুমাৰ শৰ্মা আৰু সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা সম্পাদনাত অতি সুন্দৰ বেটুপাত তথা বিশিষ্ট লেখকৰ লিখনি, ৰঙীন পৃষ্ঠা সমুহকে ধৰি প্ৰায় তিনি শতাধিক পৃষ্ঠা সমৃদ্ধ স্মৃতিগ্ৰন্থ খন অনাগত দিনত এখন সুন্দৰ দলিল হৈ ইতিহাস গঢ়িবলৈ সক্ষম হ’ব। তেওঁ পুনৰ কয় যে ভাল নেতা থাকিলে অনুষ্ঠান সদায় সৰ্বাংগ সুন্দৰ হয়। তাৰ ব্যতিক্ৰম নহয় নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বৰুৱাৰ নেতৃত্বত নলবাৰী সমষ্টি এতিয়া বহুত উন্নত। নলবাৰীত সোমোৱা তোৰণ খনে সকলো কে আকৃষ্ট কৰে। নলবাৰীত এতিয়া মেডিকেল কলেজত শতাধিক ছাত্ৰই অধ্যয়ন কৰি আছে। শিক্ষা নগৰীত ইঞ্জিনীয়াৰিং কলেজ, পলিটেকনিক কলেজ, বিএড কলেজকে আদি কৰি ৰাষ্টা ঘাট উন্নত হৈছে। তাৰ সুন্দৰ প্ৰতিফলিত হৈছে নলবাৰী ৰাস মহোৎসৱ। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰী বিমল বৰা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত, অসম বাণিজ্য উন্নয়ন নিগমৰ অধ্যক্ষ সুনীল ডেকা, বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, জিলা আয়ুক্ত বৰ্ণালী ডেকা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, হৰিমন্দিৰ সমিতিৰ সাঃসম্পাদক নলিনী কান্ত শীল, সহঃসম্পাদক মিন্টু তামুলী, গ্ৰন্থমেলা সমিতিৰ সভাপতি পংকজ ডেকা, সম্পাদক দিলজিৎ বৰ্মনকে ধৰি হৰিমন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহকসকল উপস্থিত থাকে।

প্ৰেৰক বীৰেন কলিতা

You might also like