নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা-মাজুলী পথৰ চাৰিকড়ীয়া নৈৰ দলঙত দুৰ্ঘটনাৰ আশংকা

নিয়মীয়া বাৰ্তা, ২৭  মাৰ্চঃ দ্বীপ জিলা মাজুলীৰে সংযোগী একমাত্ৰ সুচল স্থলপথ হিচাপে বিবেচিত আৰু দৈনিক শ শ ট্ৰাক ডাম্পাৰ আৰু যাত্ৰীবাহী যান বাহনৰ লগতে ব্যক্তিগত যান বাহন চলাচল কৰা অতি ব্যস্ত জালভাৰী সোমদিয়া লোকনিৰ্মাণ বিভাগৰ পথটোৰ ভাটি জালভাৰীস্থিত চাৰিকড়িয়া নদীৰ ওপৰৰ দলংখনৰ মাজ ভাগত সৃষ্টি হোৱা বৃহৎ ফাঁকে যান বাহন চালক আৰু পথচাৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ পিছতো মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত তীব্ৰ ক্ষুভ আৰু উদ্ৰেক প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে ভাটি জালভাৰী গাঁৱৰ ৰাইজ যুৱ সংঘ আৰু গাঁওৰক্ষী বাহিনীয়ে ৷ দলং নিৰ্মাণত ঠিকাদাৰে ত্ৰুটিপূৰ্ণ কাম কৰাৰ বাবেই দলংখনৰ মাজভাগত দুটা খণ্ডৰ জোৰাত দিয়া লোৰ পাটি দুচটা তললৈ বহি যোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড ফাঁকটোত সৰু সৰু যান বাহন নাইবা মটৰ চাইকেলৰ চকা সোমাই যিকোনো মুহুৰ্তে ভয়াৱহ দুৰ্ঘটনাৰ আশংকাত ক্ৰস্তমান অঞ্চলবাসী৷ বিশেষকৈ দলংখনৰ সোণাৰি চাপৰি দিশৰ এপ্ৰচটো ঠিকাদাৰে পথ নিৰ্মাণৰ সময়তে ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ পিছতো বিভাগীয় বিষয়া কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবেই ইংৰাজী বৰ্ণমালাৰ চি আখৰ দৰে নিৰ্মাণ কৰাত সঘনাই হোৱা পথ দুৰ্ঘটনাত একাধিক লোকৰ ম্‌ত্যু হোৱাত ঠাই খণ্ড মৃত্যুৰ উপত্যকাত পৰিণত হোৱাত আতংকিত অঞ্চলবাসীয়ে অনতিপলমে দলংখনৰ লগতে দলংখনৰ এপ্ৰচটো সঠিক ভাবে মেৰামতিৰ দাবী জনাই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰো দাবী জনাইছে সমগ্ৰ অঞ্চলবাসীৰ লগতে ঢকুৱাখনা আৰু মাজুলীবাসীৰ উপৰি সত্ৰ দৰ্শনাৰ্থীসকলেও৷ এইক্ষেত্ৰত ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কলিতা, লোকনিৰ্মাণ বিভাগৰ ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় সংমণ্ডলৰ বিভাগীয় দায়িত্বশীল বিষয়া কৰ্মচাৰী আৰু স্থানীয় বিধায়ক নৱ কুমাৰ দলেই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব যদিও দলংখনৰ ওপৰত দুৰ্ঘটনাত পতিত হৈ আৰু কোনো লোকেই যাতে অকালতে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাইছে অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলৰ সাধাৰণ জনতাই ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like