নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ হাজাৰ মুগা উৎপাদনেৰে ঢকুৱাখনাৰ ৩ মুগা পালকৰ সফলতা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : প্রাচীন কালৰে পৰাই মুগা শিল্পই অসমক সুকীয়া মৰ্যদা প্ৰদান কৰি আহিছে। সোণালী সুতা উৎপাদনৰ মূল আধাৰ মুগা খেতিৰ কেন্দ্ৰ ঢকুৱাখনা। সোণালী সূতাৰ দেশ হিচাপে খ্যাত ঢকুৱাখনাৰ শ-শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয় টনকিয়াল কৰিছে আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি।ঢকুৱাখনাৰ প্ৰায় ১৫ হাজাৰ লোক জড়িত হৈ আছে মুগা পালনত।কিন্তু,অতি সম্প্রতি জলবায়ুগত কাৰণতে অসমৰ লগতে ঢকুৱাখনাতো মুগাৰ উৎপাদন উদ্বেগজনক হাৰত হ্রাস পাইছে। তথাপিও ঢকুৱাখনাৰ মুগা পালক সকলে হাৰ নামানি বহু প্ৰত্যাহ্বানৰ মাজেৰে কঠোৰ পৰিশ্ৰম কৰি ইয়াৰ উৎপাদনৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। কিন্তু মুগাৰ সঁচৰ বাবে সমস্যাত পৰিছে ঢকুৱাখনাৰ মুগা পালকসকল।উল্লেখ্য যে মুগা সঁচৰ বাবে ১৯৬২ অসম চৰকাৰৰ ৰেচম বিভাগে ঢকুৱাখনা মহাবিদ্যালয় সন্মুখত ২২০ বিঘা মাটি সামৰি মুগা সঁচ উন্নয়ন প্ৰকল্প স্থাপন কৰিছিল। কিন্তু ৬০ বছৰৰো অধিক পুৰণি এই বিশাল মাটিকালিত থকা চোমনিখন আৰু সঁচ উন্নয়ন প্ৰকল্পটোৱে বৃহত্তৰ ঢকুৱাখনাৰ হাজাৰ মুগা পালকৰ বাবে কোনো ফলপ্ৰসূ কাম কৰিবলৈ সক্ষম হোৱা নাই। প্ৰকল্পটোৰ কেৱল ইয়াৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবেহে ,কাৰণ তেওঁ লোকৰ সেৱাৰ দ্বাৰা তেওঁ লোকহে উপকৃত হৈছে। মুগা পালকৰ বাবে এই প্ৰকল্পটো বগা হাতীত পৰিণত হৈছে। হাজাৰ হাজাৰ জোপা চোম গছসহ মুগা পালনৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা চৰকাৰীভাৱে থকাৰ পিছতো প্ৰকল্পটোৱে এজনো মুগাপালকক মুগাৰ সঁচ যোগান ধৰিবলৈ সক্ষম হোৱা নাই। ফলত ঢকুৱাখনাৰ মুগা পালকে সঁচ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ উপৰিও মেঘালয়ৰ গাৰো পাহাৰ আদিৰ পৰা সময় আৰু অৰ্থ ব্যয় কৰি মুগাৰ সঁচ আনিব লগা হৈছে। ঢকুৱাখনাৰ মুগা পালকে চৰকাৰী প্ৰকল্পৰ মুগা সঁচৰ বাবে আশা নকৰি গাৰো পাহাৰৰ পৰা জাৰুৱা বাঁহৰ সঁচ আনি মুগা উৎপাদন কৰি জীৱিকাৰ বাট বুলিছে বহু মুগা পালকে।শেহতীয়াকৈ ঢকুৱাখনাৰ তিনিজন ব্যক্তিয়ে চৰকাৰৰ ৰেচম বিভাগৰ কোনো ধৰণৰ সহায়তা অবিহনেই নিজা প্ৰচেষ্টাৰেই মুগা পালনৰ জৰিয়তে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।গাৰো পাহাৰৰ পৰা হাজাৰে প্ৰতি ৭ হাজাৰ টকা দি মাত্ৰ ২ হাজাৰ মুগাৰ সঁচ আনি জাৰুৱা মুগা পুহি ৭০ হাজাৰ মুগা উৎপাদন কৰি বৃহৎ সফলতাৰে কৰ্মবিমুখ লোকৰ চকু মুকলি কৰিবলৈ সক্ষম হৈছে তিনি উদ্যমী মুগা পালকে।নিজৰ চোমনিৰ অভাৱত জালভাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ দত্তৰ ৫ বিঘা মাটিৰ চোমনিত মুগা পোহি সফলতা অৰ্জন কৰা মুগা পালক কেইজন হ’ল ক্ৰমে জয়চন্দ্ৰ বৰুৱা (বৰপাত্ৰ গাঁও), জ্যোতি প্ৰসাদ বুঢ়াগোহাঁই (কাঠৰবাৰী গাঁও) আৰু সদা বৰুৱা (ডুলীয়া গাঁও)। এওঁলোকে খৰিকা লগোৱাৰ পৰা মুগা পকালৈকে ৩৫ দিনত মাত্ৰ ১৪ হাজাৰ টকাৰে ক্ৰয় কৰা মুগাৰ সঁচখিনিৰে মুগা পালন কৰি ৭০ হাজাৰ মুগা উৎপাদন কৰিবলৈ সক্ষম হয়। আজি সেই মুগাখিনিৰ জালি ভাঙি অসমৰ বিভিন্ন প্ৰান্তৰ যেনে আমগুৰি,ডিমৌ,জোনাই, চিলাপথাৰৰ, ধেমাজি, মাছখোৱাৰ লগতে ঢকুৱাখনাৰ ৯৬ গৰাকী মুগা পালকক প্ৰতি হাজাৰত ৬ হাজাৰ টকা দৰত ৫০ হাজাৰ মুগা সঁচৰ বাবে যোগান ধৰে। এইদৰে তেওঁলোকে মাত্ৰ ৩৫ দিনত ১৪ টকাৰ বিনিয়োগ কৰি ৭০ হাজাৰ মুগাত ৪ লাখ ২০ হাজাৰ উপাৰ্জন কৰি মুগাপালক সকলক সাহস আৰু সফলতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে ২২০ বিঘাৰ মাটিৰ বিশাল চোমনিত এটাও মুগা উৎপাদন কৰিব নোৱাৰা ঢকুৱাখনা চৰকাৰী মুগা সঁচ উন্নয়ন প্ৰকল্পটো যে ভালুকৰ সাঙীত পৰিণত হৈছে তাকো প্ৰমাণ কৰিলে। চৰকাৰে প্ৰবল প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা অসম গৌৰৱ এই মুগা শিল্পটো জীয়াই ৰাখিবলৈ গ্ৰহণ কৰা আঁচনিৰ দ্বাৰা মুষ্টিমেয় কিছু লোকক উপকৃত কৰাৰ বিপৰীতে জনমুখী কৰি প্ৰকৃত মুগা পালকৰ ওচৰ পোৱাৰ ব্যৱস্থা নকৰিলে এই গৌৰৱ ইতিহাসত পৰিণত হ’ল হ’বলে বেছি সময় নালাগিব সেইয়া নিশ্চিত।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like