নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ২০২৫

৩ ছেপ্টেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ভবেন বৰুৱা বঁটা এই বৰ্ষত প্ৰদান কৰা হ’ব বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক৷

যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা ১ ছেপ্টেম্বৰৰ পৰা চাৰি দিনীয়াকৈ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সপ্তদশ বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ৩ ছেপ্টেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথৰ এই বঁটা প্ৰদান কৰা হ’ব৷

অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেল যোগে এই ঘোষণা কৰে।

নিয়মীয়া বাৰ্তা, নলবাৰী, ১ আগষ্ট

You might also like