নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন বিধায়ক নৱ কুমাৰ দলেৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ ‘সোণালী শৈশৱ বিকশিত অসম’ আঁ‌চনিৰ অধীনত ঢকুৱাখনা বিধানসভা সমষ্টিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা দুটাকৈ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই। ২৫ লাখ টকা নিৰ্মাণ ব্যয়েৰে আটকধুনীয়াকৈ নিৰ্মান কৰি উলিওৱা ঢকুৱাখনা উন্নয়ন খণ্ডৰ পূৱ ঢকুৱাখনা পঞ্চায়তৰ লেচেৰা মিৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু অভয়াপুৰ লাচন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ দুটি উদ্বোধন কৰি বিধায়ক নৱ কুমাৰ দলেই আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ জনাই।ভাষণত বিধায়কগৰাকীয়ে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত সেয়েহে শিশুসকলক খাদ্যৰ লগতে পঢ়া শুনাত ভাল এটি পৰিবেশ এই আদৰ্শ গৃহৰ দ্বাৰা পাব পাৰে তাৰ বাবে অভিভাৱক তথা শিক্ষকসকলে গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি আদৰ্শ কেন্দ্ৰসমূহৰ দ্বাৰা অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বুনিয়াদী শিক্ষা আৰু বিকাশৰ ধাৰা শক্তিশালী হব বুলি মন্তব্য কৰে।শুভাৰম্ভণি অনুষ্ঠানত ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা ,ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস,কাৰ্যবাহী দণ্ডাধীশ মানৱজ্যোতি দাস, ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ চমুৱা,সুনীল দলে, পূৱ ঢকুৱাখনা পঞ্চায়তৰ সভাপতি অনজিৎ পেগুৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি,সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া তথা স্থানীয় সচেতন ৰাইজ উপস্থিত থাকে।উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ১২৬ টা সমষ্টিত নিৰ্মাণ হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰ। ইয়াৰে ঢকুৱাখনা সমষ্টিত আবন্টন হোৱা ১২টা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈ আছে। এই আদৰ্শ কেন্দ্ৰসমূহৰ জৰিয়তে শিশুসকলে অধ্যয়ণৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰাৰ লগতে পুষ্টি আৰু খেলাৰ সা-সুবিধাৰ উপৰিও শিশু আৰু গৰ্ভৱতী মহিলা তথা স্তনপান কৰাই থকা মহিলাসকলৰ সামগ্ৰিক বিকাশ আৰু পৰ্যাপ্ত পুষ্টি যোগানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like