নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত তিনিখন চাহ বাগিচা আদৰ্শ হাইস্কুল মুকলিঃ চাহ বাগিচাত মানুহ নিৰ্মাণ কৰাৰ কাৰখানা আৰম্ভ হ’লঃ ড° ৰণোজ পেগু

বিশেষ বাৰ্তা, ২৫ মেঃ অসম চৰকাৰৰ দ্বাৰা চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা আদৰ্শ হাইস্কুল আজি সমগ্ৰ অসমৰ লগতে মৰিয়নি বিধান সভা সমষ্টিতো মুকলি কৰা হয় । মৰিয়নি বিধান সভা সমষ্টিত আজি তিনিখনকৈ চাহ বাগিচাৰ আদৰ্শ হাইস্কুল মুকলি কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগুৱে । আজি দুপৰীয়া প্ৰথমে চৈকটা চাহ বাগিচাত নিৰ্মাণ কৰা হাইস্কুলখনৰ শুভ উদ্বোধন কৰাৰ পিছত ক্ৰমে কঠালগুৰি চাহ বাগিচা আৰু নাগিনীজান চাহ বাগিচাৰ আন দুখন আদৰ্শ হাইস্কুল উদ্বোধন কৰে । আদৰ্শ বিদ্যালয় কেইখনৰ ফিটা কাটি শুভ উদ্বোধন কৰাৰ অন্তত একোখনকৈ সভা অনুষ্ঠিত হয় । সভাত বক্তব্য প্ৰদান কৰি শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগুৱে আজিৰ দিনটো অসমৰ শিক্ষা সলনি কৰা দিন বুলি অভিহিত কৰে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো চাহ বাগিচা অঞ্চলত এখনো হাইস্কুল স্থাপন কৰিব নোৱাৰিলে বিগত চৰকাৰ সমূহে । কিন্তু বিজেপি নেতৃত্বাধীন অসম চৰকাৰে একেলগে ১১৯ খন চাহ বাগিচাত হাইস্কুল নিৰ্মাণ কৰি চাহ শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাগ্ৰহণৰ অনন্য সুযোগ দিলে । এইখন চৰকাৰে চাহপাত বনোৱা কাৰখানা থকা স্থানত এইবাৰ মানুহ নিৰ্মাণ কৰা কাৰখানা স্থাপন কৰা বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইফালে, এই আদৰ্শ বিদ্যালয়সমূহৰ আন্তঃগাঁ‌ঠনি উন্নয়নৰ বাবে অতিৰিক্তভাৱে ৫০ লাখ টকাকৈ চৰকাৰে আগবঢ়াব বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰসংগক্ৰমে ড° পেগুৱে কয় অসমৰ মুঠ ৩৯৯ খন প্ৰাথমিক বিদ্যালয় বৰ্তমানেও চাহ বাগিচাৰ কৰ্তৃপক্ষই চলাই আছে । তেনে বিদ্যালয়সমুহত চৰকাৰী সকলো সুবিধা প্ৰদান কৰাত লগতে অতিৰিক্তভাৱে দুগৰাকীকৈ শিক্ষক তেনে বিদ্যালয়ত নিযুক্তি দিয়া হ’ব বুলিও মন্তব্য কৰে । সম্প্ৰতি প্ৰতিখন আদৰ্শ বিদ্যালয়ত ৮ জনকৈ শিক্ষক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক শিক্ষক নিযুক্তি দিয়া হ’ব বুলিও জানিবলৈ দিয়ে । আনহাতে, সম্প্ৰতি যি সকল শিক্ষক অন্য বিদ্যালয়ৰ পৰা অনা হৈছিল সেইসকলৰ স্থান অতি সোনকালেই পূৰণ কৰা হ’ব বুলিও লগতে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । আটাইকেইটা অনুষ্ঠানতে আজি শিক্ষা মন্ত্ৰী গৰাকীক যোৰহাট লোকসভা সমষ্টিত সাংসদ তপন কুমাৰ গগৈ আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংগ দিয়ে । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাকেইখনত লোকসভাৰ সাংসদ তপন কুমাৰ গগৈয়ে বক্তব্য প্ৰদান কৰি এইয়া অসম চৰকাৰে গ্ৰহণ কৰা সবাতোকৈ ডাঙৰ পদক্ষেপ বুলি উল্লেখ কৰাৰ লগতে অসমৰ শিক্ষা ব্যৱস্থাত ই সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে । আদৰণি ভাষণত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । সভাকেইখনত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, তিতাবৰ মহকুমাৰ মহকুমাধিপতি গায়ত্ৰী দেৱীদাস হ্যাংগলে, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী, মৰিয়নি মহাবিদ্যালয়ৰ নৱ-নিযুক্ত অধ্যক্ষ ড° হৰেন গোৱালা, মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকন, অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁ‌তী, তিতাবৰ শাখাৰ সম্পাদক নগেন কুৰ্মী আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইয়াৰ পূৰ্বে আটাইকেইটা স্থানতে শিক্ষা মন্ত্ৰীগৰাকীক বিপুল আদৰণি জনোৱা হয় । উল্লেখযোগ্য যে, চৈকটা বাগিচা আদৰ্শ হাইস্কুলত ৮১ গৰাকী, কঠালগুৰি বাগিচা আদৰ্শ হাইস্কুলত ৯৮ গৰাকী আৰু নাগিনীজান বাগিচা আদৰ্শ হাইস্কুলত ৭৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে নামভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে । আজি সমগ্ৰ অসমত ১১৯ খন চাহ বাগিচা আদৰ্শ হাইস্কুলৰ ভিতৰত ৯৬ খন উদ্বোধন কৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like