ডিজিটেল ডেস্ক, ৭ মাৰ্চ : সৰুপথাৰ সমষ্টিবাসীৰ মৰম আৰু আশীৰ্বাদক সদায় মনত ৰখাৰ লগতে এই মৰমক বিকাশৰ নতুন দিগন্তৰে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷
ৰাজ্যত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ অংশৰূপে আজি সৰুপথাৰ সমষ্টিৰ বৰপথাৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে সৰুপথাৰ সমষ্টিবাসীক ৷ এই যাত্ৰাৰ ষষ্ঠ দিনা পুৱা প্ৰায় দহ বাজি পঞ্চাছ মিনিটত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ দুবৰণি শিৱ মন্দিৰ প্ৰাংগণত অস্থায়ী হেলপেডত হেলিকপ্টাৰ অৱতৰণ কৰি পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱ মন্দিৰৰ চৌহদত দুবৰণিৰ খনন কাৰ্যত উদ্ধাৰ হোৱা এটি প্ৰাচীন মূৰ্তিৰ আগত সেৱা লৈ নতুনকৈ নিৰ্মাণৰত দুৰ্গা মন্দিৰত এখন জনসভাত অংশগ্ৰহণ কৰে ৷
সভাখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ স্বাৰ্থতে বিজেপি দলক পুনৰ ভোটদান কৰিবৰ বাবে আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতে উপস্থিত জনতাই দবা, শংখ আৰু আয়তীৰ মংগলধ্বনিৰে মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ জনায়৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰ নগৰৰ মাজেৰে গৈ গোলাঘাট আৰু সৰুপথাৰ সমষ্টিৰ সীমামূৰীয়া এলেকা গেলাবিলত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপথাৰৰ দুবৰণি শিৱ মন্দিৰৰ পৰা গেলাবিললৈকে প্ৰায় তেৰ কিলোমিটাৰ পথ এখন খোলা গাড়ীত যাত্ৰা কৰি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷
দুবৰণিৰ পৰা গেলাবিললৈকে উক্ত তেৰ কিলোমিটাৰ পথত প্ৰায় ত্ৰিছ হাজাৰৰো অধিক লোকে ৰাস্তাৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন জনায় ৷ গেলাবিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সৰুপথাৰ সমষ্টিৰ ৰাইজে তেওঁৰ জন আশীৰ্বাদ যাত্ৰালৈ দেখুওৱা সঁহাৰিৰ বাবে ধন্যবাদ জনায় আৰু সৰুপথাৰবাসীৰ এই মৰমক বিকাশৰ নতুন দিগন্তৰে ঘূৰাই দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
মুখ্যমন্ত্ৰীগৰাকীৰ এই যাত্ৰাত তেওঁক সংগ প্ৰদান কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰকে আদি কৰি ৰাজ্যিক বিজেপিৰ বহু শীৰ্ষস্থানীয় নেতাই ৷