নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱালৈ সুখবৰঃ অচিৰেই প্রকাশ পাব তৃতীয়–চতুর্থবর্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল; আৰু ১০ হাজাৰ পদৰ নিযুক্তিৰ বাবে শীঘ্রেই বিজ্ঞাপন

  • ১ লাখ নিযুক্তিৰ ক্ষেত্রত দুৰন্ত গতিত আগবাঢ়িছে চৰকাৰ
  • মে’ মাহত ৩০ হাজাৰৰ নিযুক্তিৰ পাছত অহা ২২ ছেপ্টেম্বৰত ১২ হাজাৰৰ নিযুক্তি
  • এপিডিচিএলত ৫ হাজাৰ চাকৰি, গঠন হ’ব এটা ফৰেষ্ট বেটেলিয়ন
  • ২৩ ছেপ্টেম্বৰত ৪,৫০০ জলমিত্রৰ নিযুক্তি
  • ১ লাখ নিযুক্তিৰ ওপৰঞ্চি হিচাপে নিযুক্ত হ’ব জলমিত্র শক্তি

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: ৰাজ্যৰ নিবনুৱাসকললৈ সুখবৰ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে এক লাখ নিবনুৱাৰ নিযুক্তিৰ ক্ষেত্রত দুৰন্ত গতিৰে আগবাঢ়িছে৷ যোৱা মে’ মাহত ৰাজ্য চৰকাৰখনৰ প্রথম বর্ষপূর্তিৰ পিছমুহূর্ততে আৰক্ষী, শিক্ষা বিভাগ আদিত ৩০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়াৰ পাছত অহা ২২ ছেপ্টেম্বৰত বিভিন্ন বিভাগত আৰু ১২ হাজাৰ নিবনুৱাক নিযুক্তি প্রদান কৰিব৷ ইয়াৰ লগে লগে এক লাখৰ ভিতৰত ৪২ হাজাৰৰ নিযুক্তি সম্পূর্ণ হ’ব৷ কোকৰাঝাৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এক লাখৰ নিযুক্তি সন্দর্ভত বিশেষভাৱে আলোচনা কৰে৷

এই সম্পর্কত কেবিনেট বৈঠকৰ পাছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আৰু ১০ হাজাৰ নতুন নিযুক্তি সম্পর্কত অচিৰেই বিজ্ঞাপন প্রকাশ পাব৷ আজিৰ কেবিনেটত এই পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছে৷ এপিডিচিএলৰ ৫ হাজাৰ নিযুক্তিৰ লগতে এটা নতুন ফৰেষ্ট বেটেলিয়ন গঠন কৰা হ’ব৷ সেইদৰে তৃতীয় আৰু চতুর্থবর্গৰ ৩০ হাজাৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফলো অচিৰেই প্রকাশ পাব৷ তদুপৰি অহা ২৩ ছেপ্টেম্বৰত ৪,৫০০জনক জলমিত্র হিচাপে নিযুক্তি দিয়া হ’ব৷ অৱশ্যে এই জলমিত্রসকলক চৰকাৰে এক লাখৰ নিযুক্তিৰ ভিতৰত ধৰা নাই৷ কিয়নো এওঁলোকে মাহে ৬ হাজাৰ টকাকৈহে দৰমহা লাভ কৰিব৷ এক লাখ নিযুক্তিৰ ওপৰঞ্চি হিচাপেহে এওঁলোকক ধৰা হৈছে৷

সাংবাদিকৰ প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিড নহ’লে এটা বছৰৰ ভিতৰতে এক লাখৰ নিযুক্তি সম্পূর্ণ হ’লহেঁতেন৷ তথাপি তেওঁ এক লাখৰ নিযুক্তি চলিত বর্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত নহ’লেও ২০২৩ৰ জানুৱাৰী–ফেব্রুৱাৰী মাহৰ ভিতৰত সম্পূর্ণ হ’ব বুলি আশা প্রকাশ কৰে৷

You might also like