নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ইজৰাইলী ড্র’নেৰে সষ্টম ভাৰত

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ এল এ চি অতিক্রম কৰি ভাৰত ভূমিত অনুপ্রৱেশ কৰা চীনা সৈন্যক খেদি পঠিওৱাৰ পাছত এল এ চিত দিনে–নিশাই নিৰীক্ষণ বৃদ্ধি কৰিছে ভাৰতীয় সেনাই৷ চীনক প্রত্যাহ্বান জনাবলৈ সম্পূর্ণ সষ্টম হৈ থকা ভাৰতীয় সেনাই দিনে–নিশাই নিৰীক্ষণ বৃদ্ধি কৰি ৰিম’ট কণ্ড্র’লচালিত বিমান ব্যৱহাৰ কৰিছে৷ আগ্রাসী চীনৰ যিকোনো দুঃসাহসিক অভিযান প্রতিৰোধ কৰিবলৈ সষ্টম ভাৰতীয় সেনাই ৰিম’ট কণ্ড্র’লচালিত বিমানৰ লগতে অন্যান্য অত্যাধুনিক প্রযুক্তিও ব্যৱহাৰ কৰি আছে৷ লাডাখৰ গালৱান উপত্যকাত বিগত বর্ষত দুই দেশৰ সেনাৰ মাজত হোৱা সংঘর্ষৰ পাছতে সৃষ্ট উত্তেজনা আজিকোপতি অব্যাহত থকাৰ সময়তে লাডাখৰ পৰা অৰুণাচল প্রদেশৰ এল এ চিত বেইজিঙে সেনাৰ শক্তি বৃদ্ধি কৰাৰ প্রতি লক্ষ্য ৰাখি নতুন দিল্লীয়েও সমৰসজ্জা গঢ়ি তুলিছে৷

সেনাৰ শীর্ষ সূত্রত প্রকাশ কৰা মতে চীনৰ সৈতে সংলগ্ণ ৩,৪০০ কিলোমিটাৰ এল এ চিত ভাৰতে আন্তঃগাঁথনি উন্নীত কৰি সেনাৰ চাল–চলন বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে৷ অৰুণাচল প্রদেশৰ এল এ চিত শেহতীয়াভাৱে চীনৰ আগ্রাসী পদক্ষেপ প্রতিহত কৰিবলৈ নতুন দিল্লীয়ে ইজৰাইলত নির্মিত হেৰন ড্র’ন ব্যৱহাৰ কৰাৰ লগতে ৱেপন ছিষ্টেম ইনট্রিগেটেড (ডব্লিউ এছ আই) মোতায়েন কৰিছে৷ এই ডব্লিউ এছ আই হৈছে এডভান্সড লাইট হেলিকপ্ঢৰ (এ এল এইচ) ৰুদ্রৰ এক সংস্কৰণ৷

মন কৰিবলগীয়া যে ৪–৫ বছৰ পূর্বে অৰুণাচল প্রদেশৰ এল এ চিত হেৰন মোতায়েন কৰা হৈছিল যদিও আজিলৈকে তাৰ সঠিক ব্যৱহাৰ কৰা হোৱা নাই৷ কিন্তু শেহতীয়াকৈ চীনৰ সেনাই অনুপ্রৱেশ কৰাৰ পাছতেই এই হেৰনৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে৷ চীনে যদি কিবা কাৰণত দুঃসাহসিক অভিযান চলাব বিচাৰে, তেতিয়াহ’লে অতি কম সময়ৰ ভিতৰতে হেৰনৰ জৰিয়তে তথ্য লাভ কৰি নতুন দিল্লীয়েও ইয়াৰ বিৰুদ্ধে অভিযান চলাব পাৰিব৷ এ এল এইচ হেলিকপ্ঢাৰত কেনেধৰণৰ যুদ্ধ অস্ত্র সন্নিৱিষ্ট কৰা হৈছে, সেই সন্দর্ভত সেনাৰ সূত্রই বিশেষ প্রকাশ কৰা নাই যদিও যুদ্ধৰ বাবে সম্ভাব্য সকলো অস্ত্রই মজুত ৰখাৰ ইংগিত দিছে৷ উল্লেখ্য যে অৰুণাচল প্রদেশৰ এল এ চিৰ স্পর্শকাতৰ অঞ্চলত ভাৰতৰ ৫০ৰ পৰা ৬০ হাজাৰ সৈন্য মোতায়েন কৰি ৰখা হৈছে৷

You might also like