নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিৰ মালিকে নজনাকৈয়ে ১০০ বিঘা মাটি নামজাৰী

গোলাঘাট ৰাজহ চক্র বিষয়া কার্যালয়ত ভয়ংকৰ কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ কৈ থাকিলে যেন ওৰকেই নপৰিব গোলাঘাট ৰাজহ চক্র বিষয়া কার্যালয়ৰ সীমাহীন দুর্নীতিৰ কথা৷ এবিঘা বা দুবিঘা নহয়, একেলগে ১০০ বিঘা মাটি ৰাজহ চক্র বিষয়া কার্যালয়ৰ দুর্নীতিপৰায়ণ বিষয়া–কর্মচাৰীয়ে হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ চক্র বিষয়া কার্যালয়ৰ দালালৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হুংকাৰৰ পাছতে গোলাঘাট চক্র বিষয়া কার্যালয়ত পোহৰলৈ আহিছে এনে ভয়ংকৰ কেলেংকাৰিৰ তথ্য৷ গোলাঘাট ৰাজহ চক্র বিষয়া কার্যালয়ৰ অন্তর্গত দক্ষিণ হেংগেৰা কাঠনি পথাৰৰ ১০০ বিঘা ম্যাদী পট্টাৰ মাটি আনলৈ হস্তান্তৰ কৰা হৈছে৷ অঞ্চলটোৰ টকী হাজৰিকা নামৰ এজন ব্যক্তিৰ নামত থকা ম্যাদী পট্টাৰ ৬২, ৬৪, ৬৫, ৬৭ আৰু ৬৮ নম্বৰ দাগৰ ১০০ বিঘা একঠা মাটি গৰাকীৰ স্বাক্ষৰ অবিহনে হস্তান্তৰ হ’ল আন লোকলৈ৷

উল্লেখযোগ্য যে চাকৰিসূত্রে টকী হাজৰিকাৰ ছয় সন্তান বসবাস কৰিছিল অসমৰ ভিন্ন প্রান্তৰ লগতে ভাৰতৰ ভিন্ন প্রান্তত৷ সেই বাবে স্থানীয় আখতাৰ হুছেইন নামৰ এজন বিহাৰী সম্প্রদায়ৰ ব্যক্তিক মৌখিকভাৱে মাটিখিনি চোৱাচিতাৰ দায়িত্ব দিছিল পৰিয়ালটোৰ ছজন ব্যক্তিয়ে৷ সেই দিন ধৰি ৰখীয়া আখতাৰ হুছেইনে উক্ত মাটিত উৎপাদিত সামগ্রীৰ অংশ মাটিৰ গৰাকীকো দি আহিছিল৷ উক্ত মাটিক মডগ্রেজ হিচাপে দি টকী হাজৰিকাৰ এজন সন্তানে ১৯৮১ চনত এটা বেংক লোন লৈছিল৷ সময়মতে বেংকৰ লোন পৰিশোধ কৰিব নোৱাৰা বাবে ১৯৯৮ চনত বেংকে উক্ত মাটি নিলাম কৰাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু পৰিয়ালটোৰ আন সদস্যসকলে বেংকৰ লোন পৰিশোধ কৰি পৈতৃক সম্পত্তি ৰক্ষা কৰিছিল৷ ২০০৭ চনলৈকে সকলো খাজনা ঠিকে দি থকাৰ পাছত প্রায় ১০ বছৰ আখতাৰ হুছেইনৰ লগত যোগাযোগ নাছিল মাটিৰ গৰাকীৰ৷ চলিত বর্ষৰ খাজনা দিবলৈ আহি হতভম্ব হৈ পৰে মাটিৰ গৰাকী৷

টকী হাজৰিকা আৰু তেওঁৰ ছয় সন্তানৰ নামত থকা ১০০ বিঘা একঠা মাটি ৰখীয়া আখতাৰ হুছেইনৰ পত্নী নুৰুল খাতুনৰ নামত ১৯৬৮ চনতেই নামজাৰী হোৱা বুলি উল্লেখ আছে চৰকাৰী তথ্যত৷ ভুক্তভোগী পৰিয়ালটোৱে চক্র বিষয়া কার্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি আখতাৰ হুছেইনে উক্ত ১০০ বিঘা মাটি দানসূত্রে লাভ কৰিছে৷ দুবছৰ পূর্বে আখতাৰ হুছেইনৰ মৃত্যু হোৱাত উক্ত মাটি স্বামীৰ নামৰ পৰা পত্নী নুৰুল খাতুনৰ নামলৈ আহে৷ আচৰিত কথা যে পাঁচটা দাগত থকা ১০০ বিঘা একঠা মাটিৰ এতিয়া মাত্র দুটা দাগহে গোলাঘাট ৰাজহ চক্র বিষয়া কার্যালয়ৰ চিথাবহীত উল্লেখ্য আছে৷

চক্র বিষয়া কার্যালয়ৰ এই তথ্যই এতিয়া চকু কপালত তুলিছে ভুক্তভোগী পৰিয়ালটোৰ৷ গোলাঘাট ৰাজহ চক্র বিষয়া কার্যালয়ৰ সেই সময়ৰ দুর্নীতিপৰায়ণ মণ্ডল আৰু চক্র বিষয়াৰ গোপন বুজাবুজিৰ মাজেৰেই ম্যাদী পট্টাৰ ১০০ বিঘা মাটি বেলেগৰ নামত হস্তান্তৰ কৰা হয৷ ইতিমধ্যে মাটিৰ গৰাকীয়ে বর্তমানৰ গোলাঘাট ৰাজহ চক্র বিষয়াগৰাকীক আবেদনসহ সকলো তথ্য দাখিল কৰিছে৷ বিষয়াগৰাকীয়ে ভুক্তভোগী পৰিয়ালটোক কেনেকৈ তেওঁলোকৰ মাটি বেলেগলৈ হস্তান্তৰ হ’ল, তাৰ সকলো তথ্য দাখিল কৰাৰ প্রতিশ্রুতি দিছে৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে এই ভয়ংকৰ কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে প্রয়োজন সাপেক্ষে দেশৰ সর্বোচ্চ ন্যায়ালয়ত গোচৰ তৰাৰো সংকল্প লৈছে৷

You might also like