নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচটা বৰ্ষৰ বিৰতিৰ পিছত পুনৰ মুকলি হ’ব শিৱসাগৰ নাট্য মন্দিৰ

🔹 ক’ভিডৰ সময়তে বন্ধ হোৱা প্ৰেক্ষাগৃহটিৰ বাবে মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছিল ২ কোটি টকা
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ৫ জুলাই :  ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াত পাঁচটা বছৰে বন্ধ হৈ থকা শিৱসাগৰ নাট্য মন্দিৰৰ দুৱাৰ মুকলি হ’ব অহা এটা মাহৰ ভিতৰত। মূলতঃ নাট্যচৰ্চাৰ উদ্দেশ্যৰেই ১৮৯৯ চনত গঠন হৈছিল শিৱসাগৰ নাট্য সমাজ। সেই চিন্তাক অধিক গতি প্ৰদান কৰিছিল ৰাধিকা প্ৰসাদ বৰুৱা আৰু ভৱানী বৰুৱাই বৰ্ডিং খেলপথাৰৰ কাষতে থকা  দুকঠা ভূমি আগবঢ়াই। প্ৰথমে খেৰ আৰু বাঁহেৰে তাত এটা ঘৰ আৰু মঞ্চ সাজি ঊনৈশ শতিকাৰ অভিনেতা-অভিনেত্ৰীসকলে সাংস্কৃতিক আৰু নাট্যচৰ্চা আৰম্ভ কৰিছিল। এই পুৰণি নাট্য মন্দিৰৰ মঞ্চত ১৯৪৩ চনত প্ৰথমবাৰৰ বাবে ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছিল। উদযাপন সমিতিৰ সভাপতি আছিল বিহগী কবি ৰঘুনাথ চৌধাৰী আৰু সম্পাদকৰ দায়িত্বত আছিল পণ্ডিত ড০ মহেশ্বৰ নেওগ। বিমলা প্ৰসাদ চলিহা, পদ্মনাথ গোহাঞিবৰুৱা, ভুবন গগৈ, যতীন্দ্ৰনাথ দুৱৰাৰ দৰে স্বনামধন্য ব্যক্তিসকলো সেই সময়ত অনুষ্ঠানটোৰ সৈতে জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ভাতৃ ভগৱতী প্ৰসাদ বৰুৱাৰ অকাল মৃত্যু হোৱাত পাৰ্ৱতি প্ৰসাদ বৰুৱাই এই নাট্য মন্দিৰৰ ঘুৰণ মঞ্চৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছিল। ৮০ৰ দশকত অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু নাট্য আন্দোলনৰ পুৰোধা ব্যক্তি সেউজ কোঁৱৰ পৰাগ চলিহাই আধুনিক নাট্য মন্দিৰ নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল। তেওঁৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ১৯৯৬ চনত উত্তৰ-পূব ভাৰতৰ ভিতৰত আটকধুনীয়া ৰংগমঞ্চ আৰু প্ৰেক্ষাগৃহ ৰূপে পৰিচিত হৈ পৰিছিল শিৱসাগৰ নাট্য মন্দিৰ। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই আধুনিক নাট্য মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। প্ৰখ্যাত সংগীতজ্ঞ ওস্তাদ আমজাদ আলী খানে আধুনিক নাট্য মন্দিৰৰ মঞ্চ মুকলি কৰে। শিৱসাগৰ নাট্য মন্দিৰৰ মঞ্চত সেউজ কোঁৱৰ পৰাগ চলিহাৰ লগতে গিৰিজা প্ৰসাদ বৰুৱা, তাৰিণী চৰণ শৰ্মা, বিভূতি চলিহা, আমিৰ হাৰিচ, আব্দুল মজিদ, ভৰত বৰুৱা, প্ৰদীপ বৰদলৈ, প্ৰণতি গোহাঁই, লখিমী বৰুৱা, বীণা বৰুৱা, হিৰণময়ী দত্ত, পৰেশ দাসৰ দৰে শতাধিক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। কিছুদিনৰ পাছত সেউজ কোঁৱৰ পৰাগ চলিহাৰ মৃত্যু হোৱাত তেওঁৰ সহধৰ্মিণী শিক্ষাবিদ দীপালী চলিহা নাট্য সমাজৰ সভানেত্ৰী নিৰ্বাচিত হয়। মুখ্য সমন্বয়ক আৰু তত্ত্বাৱধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰে যুৱ নেতা সৌৰভ চলিহাই। ২০২০ চন মানত শিৱসাগৰ নাট্য সমাজে এই নাট্য মন্দিৰটোক অধিক আধুনিকীকৰণৰ কৰি সৰ্বাংগসুন্দৰ প্ৰেক্ষাগৃহ হিচাপে গঢ়ি তোলাৰ বাবে এক ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰে। সেই কথা জানিব পাৰি সেই সময়ৰ অসমৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ নাট্য মন্দিৰলৈ আহি নাট্য মন্দিৰৰ সামগ্ৰিক উন্নয়নৰ বাবে পৰ্যাপ্ত আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে ৰাজহুৱা আশ্বাস প্ৰদান কৰে। ইতিমধ্যে ক’ভিড অতিমাৰীৰ বাবে সমগ্ৰ দেশতেই লকডাউন হোৱাত নাট্যচৰ্চা স্তিমিত হৈ পৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ নাট্য সমাজৰ আবেদন অনুসৰি পৰ্যায়ক্ৰমে প্ৰায় ২ কোটি টকা আবণ্টন দিয়ে। মুখ্যমন্ত্ৰীৰ এই আৰ্থিক অনুদানেৰে প্ৰায় ৫ বছৰ বিৰতিৰ অন্তত নাট্য মন্দিৰৰ সামগ্ৰিক আন্তঃগাঁথনিৰ উন্নয়নৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি নাট্য সমাজৰ মুখ্য তত্ত্বাৱধায়ক সৌৰভ চলিহাই জানিবলৈ দিয়ে। অহা এমাহৰ ভিতৰতে শিৱসাগৰ নাট্য সমাজৰ দুৱাৰ মুকলি কৰা হ’ব। এক দীঘলীয়া সময়ৰ বাবে বন্ধ হৈ থকা প্ৰেক্ষাগৃহটি সন্দৰ্ভত সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হোৱাও দেখিবলৈ পোৱা গৈছিল। নাট্য মন্দিৰৰ নিৰ্মাণৰ কাম যথেষ্ট দীঘলীয়া হোৱা বাবে শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান আৰু নাটকৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। শিৱসাগৰ যুৱদলত আসনৰ সংখ্যা প্ৰায় ২০০। তাৰ বিপৰীতে শিৱসাগৰ নাট্য মন্দিৰৰ আসনৰ সংখ্যা বেলকনিসহ প্ৰায় ৭০০। বৃহৎসংখ্যক দৰ্শক বহিব পৰা প্ৰেক্ষাগৃহ শিৱসাগৰ নাট্য মন্দিৰেই আছে। সেয়ে শীঘ্ৰেই এই অত্যাধুনিক প্ৰেক্ষাগৃহটো মুকলি হোৱাৰ আশা প্ৰকাশ কৰিছে সচেতন ৰাইজে।
You might also like