নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে অসমত বলৱৎ হ’ব নতুন শিক্ষা নীতি

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ  ৰাজ্যত শীঘ্রে বলৱৎ হ’ব পাৰে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি৷ স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি এই সন্দর্ভত এক অতি গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ ধেমাজি জিলাৰ চিলাপথাৰৰ পিয়াং চাপৰি চিতলমাৰীত অনুষ্ঠিত জনসভাত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে দিয়া ভাষণত স্থান পালে অসমত নতুন ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎহোৱাৰ প্রসংগও৷ নিজ ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়– ‘অসম চৰকাৰে ইয়াত নতুন ৰাষ্ট্রীয় শিক্ষা নীতি শীঘ্রে বলৱৎ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ এই নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ দ্বাৰা অসম লাভান্বিত হ’ব৷ বিশেষকৈ ইয়াৰ জনজাতীয় সমাজখন, চাহ বাগিচাত কাম কৰা শ্রমিক ভাই–ভনীসকলৰ সন্তানসকল অধিক লাভান্বিত হ’ব৷ কিয়নো নতুন ৰাষ্ট্রীয় শিক্ষা নীতিত স্থানীয় ভাষাত অধ্যয়ন আৰু স্থানীয় ব্যৱস্থাৰে সম্পর্কিত কৌশল নির্মাণৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে৷

যেতিয়া স্থানীয় ভাষাত চিকিৎসা শিক্ষা অধ্যয়ন কৰিব পাৰিব, স্থানীয় ভাষাত কাৰিকৰী শিক্ষা প্রদান কৰা হ’ব, তেতিয়া অতি গৰিব পৰিয়ালৰ সন্তানসকলো চিকিৎসক–অভিযন্তা হ’ব পাৰিব৷ ইয়াৰ জৰিয়তে তেওঁলোকে দেশৰ কল্যাণ সাধন কৰিব৷’ এনে পদক্ষেপৰ ফলত অতি দৰিদ্র পিতৃ–মাতৃয়ে নিজৰ সপোন পূৰণ কৰিব পাৰিব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়– ‘অসমৰ দৰে ৰাজ্যত চাহ, পর্যটন, হস্ততাঁত আৰু হস্তশিল্পৰ আত্মনির্ভৰতাত বহুত ডাঙৰ শক্তি আছে৷ এনে প্রেক্ষাপটত ইয়াৰ যুৱক–যুৱতীসকলে যেতিয়া বিদ্যালয় আৰু মহাবিদ্যালয়ত সংশ্লিষ্ট খণ্ডৰ দক্ষতা আয়ত্ত কৰিব, সেয়া যথেষ্ট লাভজনক হ’ব৷’ এইবাৰৰ বাজেটত জনজাতি অধ্যুষিত অঞ্চলত শ শ একলব্য মডেল স্কুল স্থাপনৰ ব্যৱস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰি ইয়াৰ দ্বাৰা অসমো লাভান্বিত হ’ব বুলি তেওঁ মন্তব্য কৰে৷

You might also like