নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ সমষ্টিত অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা

অগপই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দলটোৱে মিত্ৰজোঁট এনডিএৰ অংশ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু নিৰ্দিষ্ট কেইবাখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। সেই সূত্ৰে ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে।

দলৰ শীৰ্ষ নেতৃত্বই জনোৱা মতে, জয়ৰ সম্ভাৱনা আৰু স্থানীয় সমীকৰণৰ ওপৰত গুৰুত্ব দি প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে। ইতিমধ্যে আসন বুজাবুজি সম্পৰ্কে বিজেপিৰ সৈতে আলোচনা সম্পূৰ্ণ হোৱা বুলি দলীয় সূত্ৰে প্ৰকাশ কৰিছে।

প্ৰাৰ্থী তালিকাত বহু নতুন মুখৰ লগতে কিছুমান অভিজ্ঞ নেতাকো স্থান দিয়া হৈছে। দলটোৱে আশা প্ৰকাশ কৰিছে যে, ৰাইজৰ সমৰ্থনত এইবাৰো অগপই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।

ঘোষিত তালিকা এনেধৰণৰ-

  • বোকাখাতত অতুল বৰা
  • কলিয়াবৰত কেশৱ মহন্ত
  • বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী
  • বৰপেটাত দীপক কুমাৰ দাস
  • টীয়কত বিকাশ শইকীয়া
  • ডিমৰীয়াত ড০ তপন দাস
  • তেজপুৰত পৃথ্বিৰাজ ৰাভা
  • বজালীত ধৰ্মেশ্বৰ ৰায়
  • হাজো-শুৱালকুছিত প্ৰকাশ চন্দ্ৰ দাস
  • শিৱসাগৰত প্ৰদীপ হাজৰিকা
  • নাওবৈচাত বসন্ত দাস
  • বিলাসীপাৰাত জীৱেশ ৰায়
  • সোণাইত কৰিমুদ্দিন বৰভূঞা
  • দক্ষিণ কৰিমগঞ্জত ইকবাল হুছেইন
  • মানকাচৰত জাবেদ ইছলাম
  • গোৱালপাৰা পূবত আব্দুল ৰহিম জিব্ৰান
  • আলগাপুৰ-কাটলিচেৰাত জাকিৰ হুছেইন লস্কৰ
  • বিন্নাকান্দিত ছাহাবউদ্দিন মজুমদাৰ
  • ৰূপহীহাটত জাকিৰ হুছেইন ফাৰাজী
  • লাহৰীঘাটত খলিলুৰ ৰহমান
  • সৃজনগ্ৰামত ছহিদুল ইছলাম
  • চেঙাত ছাদ্দাম হুছেইন
  • চমৰীয়াত নুৰুল ইছলাম
  • পাকাবেতবাৰীত ডাঃ তাৰা প্ৰসাদ দাস
  • জলেশ্বৰত আবু শ্বাস শ্বাহি হোছেইন
  • গৌৰীপুৰত মেহতাবুল হক

 

ডিজিটেল ডেস্ক, ১৯ মাৰ্চ

You might also like