বিপাঙত মাৰ্ঘেৰিটাৰ কংগ্ৰেছী : পিতৃৰ বিজেপি গমনৰ পিছতেই পুত্ৰৰ সিদ্ধান্ত
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈয়ে আসন্ন বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা নিজকে আঁতৰাই লোৱাৰ কথা আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সভাপতি তথা কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক পত্ৰৰ জৰিয়তে তেওঁ এই সিদ্ধান্তৰ কথা জনাইছে।
তেওঁৰ পিতৃ তথা প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতেই প্ৰতীক বৰদলৈয়ে এই কঠিন পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে। পত্ৰত তেওঁ উল্লেখ কৰিছে যে এনে পৰিস্থিতিত মাৰ্ঘেৰিটাৰ ভোটাৰ ৰাইজ তথা দলৰ নিষ্ঠাবান কৰ্মীসকলৰ মনত তেওঁৰ দলীয় আনুগত্য সম্পৰ্কে সংশয়ৰ উদ্ভৱ হোৱাটো স্বাভাৱিক আৰু সেই বিভ্ৰান্তি দূৰ কৰিবৰ বাবেই তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে।
“নিৰ্বাচনৰ প্ৰাকক্ষণত মোৰ আনুগত্য, বিশ্বাস বা দলৰ স্থিতিৰ সন্দৰ্ভত ৰাইজৰ মনত যদি কোনো বিভ্ৰান্তিৰ সৃষ্টি হয়, তেন্তে সেয়া অতি অন্যায় হ’ব” — এই অনুভৱেই তেওঁক এই সিদ্ধান্ত ল’বলৈ প্ৰেৰণা যোগাইছে বুলি পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে। দলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু কংগ্ৰেছৰ মূল্যবোধৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্তত উপনীত হোৱা বুলি উল্লেখ কৰি প্ৰতীক বৰদলৈয়ে দলৰ নেতৃত্বই তেওঁৰ প্ৰতি ৰখা আস্থাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে পিতৃ-পুত্ৰ দুই বিপৰীত দলৰ হৈ মুখামুখি হোৱাৰ সম্ভাৱনা তৈয়াৰ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ ভিতৰৰ এই ৰাজনৈতিক বিভাজনে মাৰ্ঘেৰিটা সমষ্টিত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছিল। সেই পৰিপ্ৰেক্ষিতত প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ এই সিদ্ধান্তই ৰাজনৈতিক মহলত নতুন আলোচনাৰ জন্ম দিছে।
কংগ্ৰেছৰ টিকট লাভ কৰাৰ পিছত শেহতীয়াকৈ ৰাজনৈতিক ঘটনাপ্ৰবাহৰ ফলত প্ৰতীক বৰদলৈয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ হৈ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সন্দৰ্ভত দলৰ তৰফৰ পৰা এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য পোৱা হোৱা নাই।
কংগ্ৰেছ দলৰ এই ৰাজনৈতিক গৰাখহনীয়াই বিশেষভাৱে মাৰ্ঘেৰিটাৰ দলীয় কৰ্মকৰ্তাসকলক হতাশ কৰি তুলিছে। উল্লেখ্য যে ২০১৬ চনলৈকে মাৰ্ঘেৰিটা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল। তাৰ পিছৰে পৰা বিগত দহ বছৰ ধৰি বিজেপিৰ দখলত থকা এই সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীকে কংগ্ৰেছৰ টিকট লাভ কৰাৰ পিছত দলীয় কৰ্মীসকলৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছিল। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদান আৰু তাৰ পিছতেই প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ ঘটনাই মাৰ্ঘেৰিটাত কংগ্ৰেছৰ বাবে এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ মাৰ্চ