নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ সহস্ৰাধিক সমৰ্থকেৰে দিছপুৰৰ পৰা আমবাৰীলৈ অগপৰ বিশাল বাইক ৰেলী

🔹 উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ বাবে এনডিএৰ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান অতুল বৰাৰ

বিশেষ বাৰ্তা, ৫ মে’ : অসম গণ পৰিষদ দলে আয়োজন কৰা এক বৃহৎ বাইক ৰেলীত অংশগ্রহণ কৰি আজি গুৱাহাটীবাসীয়ে চলিত লোকসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ৰ আগজাননী দিলে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত দিছপুৰস্থিত অসম বিধানসভাৰ সন্মুখৰ পৰা আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা বৃহৎ বাইক ৰেলীত পাঁচ হাজাৰতকৈও অধিক লোকে অংশগ্রহণ কৰি এনডিএৰ প্ৰাৰ্থীৰ হৈ একপ্রকাৰ জয়ৰ মৃদং বজালে। এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। ৰেলীটোত অংশগ্রহণ কৰি সভাপতি অতুল বৰাই কয়- ‘গণেশগুৰিৰ পৰা আমবাৰীৰ অগপৰ মুখ্য কার্যালয়লৈ উলিওৱা এই ৰেলীৰ সময়ছোৱাত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি আৰু বিপুল সমর্থনে পুনৰ যে চৌদিশে এনডিএৰে বিজয় নিচান উৰিব, তাৰেই স্পষ্ট ইংগিত বহন কৰিছে। বৰষুণৰ বাধাকো নেওচি এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰা দলৰ প্ৰতিগৰাকী সতীৰ্থক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ত আমাৰ ৰাজ্যখন উপনীত হৈছে। অহা ৭ মে’ৰ দিনা তৃতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব।

আপোনালোক সকলোৱে জ্ঞাত যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে গুৱাহাটী সংসদীয় সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি, বৰপেটা সংসদীয় সমষ্টিত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰ সংসদীয় সমষ্টিত ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আৰু ধুবুৰী সংসদীয় সমষ্টিত অসম গণ পৰিষদৰ জাবেদ ইছলাম অৱতীৰ্ণ হৈছে। বিগত ১০ বছৰৰ এনডিএ চৰকাৰৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ যাত্ৰাক অনাগত দিনবোৰতো অনিৰুদ্ধ কৰি ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ শক্তিশালী কৰিব লাগিব। সেয়েহে শান্তি, সমৃদ্ধি, প্ৰগতিৰ বৃহত্তৰ স্বাৰ্থত ৭ মে’ৰ দিনা আপোনালোক সকলোৱে দলে-বলে ওলাই আহক আৰু গুৱাহাটী সংসদীয় সমষ্টিৰ বাবে ইভিএমৰ পদুম ফুলৰ বুটাম, বৰপেটা সংসদীয় সমষ্টিত হাতীৰ চিনৰ বুটাম, কোকৰাঝাৰ সংসদীয় সমষ্টিত ট্ৰেক্টৰ চিনৰ বুটাম আৰু ধুবুৰী সংসদীয় সমষ্টিত হাতীৰ চিনৰ বুটাম টিপি এনডিএৰ কেউগৰাকী প্ৰাৰ্থীক আশীৰ্বাদ দিয়ক আৰু নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাই এনডিএ-ই অনা বিকাশৰ যাত্ৰাত আপোনালোকো সক্ৰিয় অংশীদাৰ হওক।’ আনহাতে, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৰেলীত অংশগ্রহণ কৰি কয়- ৰাইজৰ পাৰভগা উছাহ দেখি আমি নিশ্চিত যে নিৰ্বাচনৰ ফলাফলৰ দিনা আমি জয়ঢোল বজাম। তেওঁ লগতে ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈও আহ্বান জনায়।

You might also like