নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফক ভোট দি ভোট নষ্ট নকৰিবলৈ আহ্বান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

🔹 চিদলী-চিৰাঙৰ নাঙলভঙাত মন্ত্ৰী হাজৰিকাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

বিশেষ বাৰ্তা, ৫ মে’ : আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিদলী-চিৰাং বিধানসভা সমষ্টিৰ নাঙলভঙা অঞ্চলত মিত্ৰজোঁটৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। সভাত স্থানীয় ৰাইজৰ সমৰ্থন আৰু আদৰ দেখি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকী। অঞ্চলটোলৈ দ্বিতীয়বাৰৰ বাবে যোৱা মন্ত্ৰী হাজৰিকাই কয়- আজি মই অত্যন্ত সুখী হৈছোঁ, আগতে এই অঞ্চলত এনে পৰিৱেশ নাছিল। আজি এই নিৰ্বাচনী সভালৈ দলে-বলে ওলাই সভা সফল কৰা বাবে সকলোকে অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী হাজৰিকাই। আগন্তুক নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ চিনত ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। সভাত ভাষণত তেওঁ কয়- কেন্দ্ৰত বিজেপি চৰকাৰ আছে। সকলোৰে জ্ঞাত যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব। তেওঁ লগতে কয়- অসমত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ চৰকাৰ আছে। কোকৰাঝাৰ তথা বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ আছে। গতিকে বৰ্তমান সময়ত বেলেগ এটা দলৰ প্ৰাৰ্থীক ভোট দি লাভ নাই। এইবাৰ অঞ্চলটোৰ পৰা নাঙল তথা বিপিএফক একেবাৰে উৎখাত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। ২০০৯ চনৰ ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষ, ২০১২ চনৰ কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা উনুকিয়াই মন্ত্ৰীগৰাকীয়ে কয় যে বিপিএফৰ নেতা-কৰ্মীসকল এই সংঘৰ্ষত লিপ্ত আছিল। লগতে সেই সময়ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল। সেই সময়ত যদি সংখ্যালঘুসকলক অত্যাচাৰ চলাইছিল, তাৰ বাবে কেৱল বিপিএফ আৰু কংগ্ৰেছ দল দায়ী আছিল। সেইবাবেই হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ প্ৰাৰ্থীক এটাও ভোট নিদিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰিকাই। লগতে তেওঁ কয়- ক’ভিডকালত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সকলো লোককে ১০ কেজিকৈ বিনামূলীয়া চাউল প্ৰদান কৰিছিল।

অঞ্চলটোত চৰকাৰৰ সকলো সুবিধা লাভ কৰিছে নে নাই, সেই বিষয়ত সাধাৰণ ৰাইজৰে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ সকলো আঁচনি লাভ কৰাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে অঞ্চলবাসীয়ে। লগতে তেওঁ প্ৰশ্ন কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ আৰু বিফিএফে বিনামূলীয়াকৈ চাউল দিছিল নেকি? বিজেপি চৰকাৰে ভোট দিয়া আৰু নিদিয়া সকলো ৰাইজৰ বাবে কাম কৰিছে আৰু ভৱিষ্যতেও সকলোৰে বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হাজৰিকাই। আয়ুস্মান কাৰ্ডৰ জৰিয়তে জনজীৱনৰ কথা চিন্তা কৰি বিজেপি আৰু ইউপিপিএল চৰকাৰে এনে কাম কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। এতিয়া কোনো মন্ত্ৰী-বিধায়কে চাকৰি দিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ অঞ্চলটোৰ যুৱক-যুৱতীসকলক পঢ়া-শুনা কৰিবলৈও আহ্বান জনায়। অঞ্চলটোৰ বান পৰিস্থিতি উন্নত কৰাৰ বাবে পুনৰ অঞ্চলটোলৈ অহাৰ কথা উল্লেখ কৰি ৰাইজৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। আগন্তুক নিৰ্বাচনত বিপিএফক ভোট দি ভোট নষ্ট নকৰিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰিকাই। অনাগত দুদিন সকলোৱে দেহে-কেহে লাগি ট্ৰেক্টৰৰ চিনত ভোট প্ৰদান কৰি ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰাবলৈ অনুৰোধ জনায় মন্ত্ৰী হাজৰিকাই।

You might also like