নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিণিকি ভূঞা শৰ্মাই ৰোপণ কৰা উৎপাদিত ফচলে দিছে যুৱকক আত্মনিৰ্ভৰ নিদৰ্শন

  • একেডৰা মাটিত বছৰত তিনিটা খেতি, আঠিয়াবৈ আকাংক্ষা কৃষি গোটৰ উৎপাদিত ফচল দেখি নিজেই কৃষি কাৰ্যত নামিল ৰঞ্জিত ভট্টাচাৰ্য সহ কিষাণ মৰ্চাৰ সভাপতি-সম্পাদক
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ প্ৰান্তে প্ৰান্তে এতিয়া গঢ়ি উঠিছে কৃষিপাম । বহু যুৱক এতিয়া চাকৰিমুখী নহৈ কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে । খেতি পথাৰত ৰাসয়নিক সাৰৰ পৰিৱৰ্তে একমাত্ৰ জৈৱিক সাৰ ব্যৱহাৰৰ জৰিয়তে কৃষি বিপ্লৱ গঢ়ি তোলাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি সপোন সেয়া যাতে নিজ সমষ্টিৰ পৰাই অনুকৰণ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোৰ বহু যুৱক খেতিপথাৰত নমা পৰিলক্ষিত হৈছে।  একেডৰা মাটিতে বছৰত তিনিটা খেতি কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হোৱাই নহয় আত্মনিৰ্ভৰ অসমৰ চানেকি দাঙি ধৰিছে।

বিশেষকৈ সমষ্টিটোৰ চাংসাৰিৰ সমীপৰ আঠিয়াবৈ-বনমাজা অঞ্চলৰ বহু যুৱকে কৃষি গোটৰ লগতে নিজাকৈও শ শ বিঘা মাটিত কৃষিকাৰ্য কৰি ইয়াত উৎপাদিত ফচল বিভিন্ন ক্ষেত্ৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । অৱশ্যে তেওলোকক অভিভাৱকৰ দৰে সকলো সময়তে সহায় কৰাৰ উপৰিও অনুপ্ৰেৰণাৰ উৎস হৈ  আছে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব তথা বিজেপি কিষাণ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি ৰঞ্জিত  ভট্টাচাৰ্য । তেওঁৰ প্ৰেৰণাতে যুৱক সকল কৃষিকাৰ্যৰ মানসিকতাত মনোনিৱেশ কৰিছে ।

মনকৰিবলগীয়া যে অলপতে আঠিয়াবৈৰ ‘ৰংবং’ নামৰ সমবায় খনৰ ২০০ বিঘাত উৎপাদিত ফচল উপহাৰ হিচাপে লাভ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অভিভূত হোৱাই নহয় নিজ সমষ্টিৰ যুৱক সকলৰ এনে কৰ্মস্পৃহাক শলাল লৈ সামাজিক মাধ্যমত এক টুইটো কৰিছিল । সমান্তৰালকৈ একেখন গাঁৱৰে “আকাংক্ষা কৃষিগোট নামৰ সংস্থাটোৱেও বিগত দুবছৰৰ পৰা কৃষি বিপ্লৱৰ সূচনাৰে অন্য এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । আকাংক্ষা গোটে এইবেলি প্ৰায় ডেৰশ কুইন্টল সৰিয়হ উৎপাদন কৰিবলৈ সক্ষম হৈছে । একেদৰে তেওলোকে আলু , ভেণ্ডি , ৰঙালাউ , পানীলাউ , বেঙেনাকে ধৰি বিভিন্ন শাক-পাচলি কৰিও যথেষ্ট উপকৃত হোৱাই নহয় নিজকে স্বনিৰ্ভৰশীল হোৱাৰ অন্য এক মাদকতা লভিছে ।

স্মৰ্তব্য যে বিগত ১৪ ডিচেম্বৰত বিজেপি কিষাণ মৰ্চাৰ সহযোগত আকাংক্ষা কৃষিগোটে অনুষ্ঠিত কৰা অসমীয়াৰ কৃষক সকলৰ পৰম্পৰাগত স্বাভিমান ন-খোৱা উৎসৱত উপস্থিত থাকি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষা তথা নিউজ লাইভৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই কৃষি দৰ্শন কৰাৰ লগতে নিজে আলু বীজ ৰোপণ কৰি সকলোক উৎসাহ যোগাইছিল। বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত ৰিণিকি ভূঞা শৰ্মাই ৰোপণ কৰা সেই আলু বীজৰ ফচল শেহতীয়াকৈ উঠাবলৈ আৰম্ভ কৰা হৈছে ।

প্ৰায় ৫ বিঘা মাটিৰ আলু খেতিৰ সজীৱতা প্ৰত্যক্ষ কৰি কালি মুগ্ধ হৈ পৰে ৰঞ্জিত ভট্টাচাৰ্যৰ লগতে তেওঁক সংগ দিয়া বিজেপি কিষাণ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দেৱজিত বৰা , সাধাৰণ সম্পাদক নিবাৰণ লহকৰ । কিয়নো আলুখেতি আশা কৰাতকৈ যথেষ্ট উৎপাদন হৈছে । একেদৰে মেচিনৰে  সৰিয়হ মৰা কাৰ্যতো নিজে লাগি ভাগি দি যুৱকসকলক উৎসাহিত কৰে ।

এই ক্ষেত্ৰত ৰঞ্জিত ভট্টাচাৰ্যই কয় যে বৰপেটা ,দৰঙকে ধৰি বিভিন্ন চৰ অঞ্চলৰ পৰা অহা খেতিৰ ফচলত ৰাসয়নিক সাৰ প্ৰয়োগ কৰা হয় আৰু ইয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে । আমি জৈৱিক সাৰ প্ৰয়োগ কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হোৱাই নহয় একেডৰা মাটিত বছৰত তিনিটা খেতিৰ পৰিকল্পনাৰে কৃষি বিপ্লৱৰ অন্য এক নিদৰ্শন দাঙি ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো । য’ত অন্তৰ্নিহিত হৈ থাকিব কেবল আত্মনিৰ্ভৰ অসম’ৰ প্ৰগতি । পৰিদৰ্শন কালত কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক অনিল শৰ্মা উপস্থিত আছিল ।

 

(ফটো : ৰিণিকি ভূঞা শৰ্মাই ১৪ ডিচেম্বৰত আলু বীজ ৰোপণ কৰা ফাইল ফটো)

You might also like