নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত কণ কণ শিক্ষাৰ্থীৰ বিপদসংকুল যাতায়ত

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ:: এজাক কণ কণ শিক্ষাৰ্থীৰ বিপদাপন্ন জীৱন।এখন তুলুঙা নাওেৰে প্ৰতিদিনে জীৱন গঢ়াৰ কমাৰশাললৈ অহা যোৱা কৰে এজাক কণ কণ শিক্ষাৰ্থীয়ে । বকো সমষ্টিৰ শালমাৰা মালিবাৰী সংযোগী পাৰঘাটত এতিয়াও সুলভ এই দৃশ্য । মাত্ৰ এখন তুলুঙা নাওেঁৰে নিজৰ জীৱন বিপদাপন্ন কৰি বিদ্যালয়লৈ নিতৌ অহা যোৱা কৰে শিক্ষাৰ্থী সকলে। সমান্তৰালভাৱে ছমৰীয়া আৰু নগৰবেৰা অঞ্চলৰ পৰা অহা যোৱা কৰা বিভিন্ন লোকসকলেও সন্মুখীন হৈ আহিছে ভীষন সমস্যাৰ। উল্লেখ্য যে দেশে স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ পিছতো অঞ্চলবাসীয়ে আজিলৈ নাপালে এখন পকী দলং।বহু অনুনয় বিনয় কৰাৰ পিছতো কাণসাৰ নাই কোনো ৰজাঘৰীয়াৰ।দলঙৰ অভিযোগ দিলে চকু মুদা কুলিৰ ভাও জুৰে সংশ্লিষ্ট বিষয়া তথা বকোৰ বিধায়িকাই।কন কন শিশু সকলৰ এই ভয়াৱহ দুৰৱস্থাৰ প্ৰতি গুৰুত্ব দিবনে ৰজাঘৰীয়াই?এখন পকী দলং বিচাৰি হাবাথুৰি খাই ফুৰিব লগা হৈছে এই পাৰঘাটেৰে অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজে।প্ৰাপ্ত তথ্য অনুসৰি শালমাৰা মালিবাৰী সংযোগী এই পাৰঘাটটোত এখন পকী দলং নিৰ্মাণৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ২০১৯ চনৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ছমৰীয়া সত্ৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত ৰাইজে জনোৱাৰ পিছতে তেওঁ অতি কম সময়ৰ ভিতৰতে এই পাৰঘাটত এখন পকী দলং নিৰ্মাণ হ’ব বুলি জনাইছিল যদিও সেই আশা নিৰ্বাচনী টোপ হৈয়ে থাকিল।ইয়াৰ পিছতো বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা স্থানীয় বিধায়িকা নন্দিতা দাসক বহুবাৰ আবেদন কৰাৰ পিছতো আজিকোপতি কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল,ফলত জীয়াতু ভুগিছে জনতাই।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like