নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ-বিশ্বনাথ চাৰিআলি-চতিয়াত আজি মন্ত্ৰী অশোক সিংঘাল   

  • গহপুৰত পোন্ধৰ কোটি টকাৰ নিৰ্মীয়মান সোলেঙী নদীৰ মাথাউৰী পৰিদৰ্শন                 
  • মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ  
নিয়মীয়া বাৰ্তা,  ৪ মাৰ্চঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে আজি পুৱাৰে পৰা শোণিতপুৰ জিলাৰ গহপুৰ, বিশ্বনাথ আৰু চতিয়া বিধান সভা সমষ্টিত চলি থকা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহ পৰিদৰ্শন কৰে। ইয়াৰে অংশ হিচাপে মন্ত্ৰী গৰাকীয়ে পুৱা প্ৰায় ১১ বজাত গহপুৰ মহকুমা তথা জল সম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ অন্তৰ্গত সোলেঙী নদীৰ পূব প্ৰান্তত  পোন্ধৰ কোটি টকা ব্যয় সাপক্ষে নিৰ্মাণ কৰি থকা প্ৰায় বাৰ (১২) কিলোমিটাৰ মাথাউৰী পৰিদৰ্শণ কৰিবলৈ নদীখনৰ জিৰ’ পইণ্ট সোণাপুৰত আহি উপস্থিত হয়। নিৰ্মীয়মান মাথাউৰী পৰিদৰ্শণ কৰি মন্ত্ৰী গৰাকীয়ে এ কে আগৰৱালা আৰু এম পি আগৰৱালা নিৰ্মীয়মান সংস্থা দুটিক চলিত মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। পৰিদৰ্শনৰ সময়ছোৱাত এ কে আগৰৱালাই সাংবাদিকক জানিবলৈ দিয়ে যে, সম্প্ৰতি কেৱল মাথাউৰি নিৰ্মাণেই নহয়, ইয়াৰ লগতে পাৰ্কোপাইন লঞ্চিং, জিঅ’ প্ৰটেকচন, বাঁহৰ পাৰ্কোপাইন আৰু মাথাউৰিটো খহনীয়াৰৰ অন্যান্য প্ৰতিৰোধৰো ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী গৰাকীৰ পৰিদৰ্শণ কালত স্থানীয় বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলাৰ উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া, স্থানীয় বন বিষয়া, ককিলা বিকাশ আশ্ৰমৰ প্ৰতিষ্ঠাপক, সমাজকৰ্মী হৰিশ ভট্ট, এম পি আগৰৱালা, এ কে আগৰৱালা, এন কে স্বামিজী, ৰাজ কুমাৰ শৰ্মা আৰু স্থানীয় ভালে সংখ্যক ৰাইজে সহযোগীতা আগবঢ়ায়। ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে ১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা সোণাপুৰস্থিত “ককিলা বিকাশ আশ্ৰম” পৰিদৰ্শন কৰাৰ লগতে গহপুৰ পৌৰ সভাৰ সভা কক্ষত এক সভাত অংশ গ্ৰহণ কৰে।
বিপুল কুমাৰ দিহিঙীয়া
You might also like