নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইআইবিৰে কেন্দ্রৰ ৩০৪ নিযুত ডলাৰৰ চুক্তি সম্পন্ন

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ অসমত বিদ্যুৎ নেটৱর্ক উন্নীতকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰ আৰু এছিয়ান ইনফ্রাষ্ট্রাকচাৰ ইনভেষ্টমেভণ্ট বেংক (এআইআইবি)ৰ মাজত ৩০৪ নিযুত মার্কিন ডলাৰৰ ঋণ চুক্তি সম্পন্ন হয়৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা মতে, কেন্দ্রীয় চৰকাৰ আৰু এ আই আই বিৰ মাজত চুক্তি সম্পন্ন হোৱা ৩০৪ নিযুত মার্কিন ডলাৰ বিনিয়োগ কৰা হ’ব অসম ইনফ্রা–ষ্টেট ট্রেন্সমিছন ছিষ্টেম এনহেন্সমেণ্ট প্রকল্পত৷ এই প্রকল্পৰ জৰিয়তে অসমত বিদ্যুৎ সৰবৰাহ নেটৱর্কত সুৰক্ষা আৰু সক্ষমতা, নির্ভৰযোগ্যতাক উন্নীত কৰা হ’ব৷ অসমৰ বিদ্যুৎ সৰবৰাহ ব্যৱস্থা শক্তিশালীকৰণৰ লক্ষ্য নির্ধাৰিত এই প্রকল্পৰ জৰিয়তে ১০টা সৰবৰাহ উপ–কেন্দ্র নির্মাণ কৰাৰ লগতে সৰবৰাই লাইন বহুওৱা হ’ব৷ বর্তমানৰ ১৫টা সৰবৰাহ উপকেন্দ্রক উন্নীতকৰণ, সৰবৰাহ লাইন আৰু গ্রাউণ্ড ৱাবাচক অপটিকেল পাৱাৰ গ্রাউণ্ড ৱায়াৰলৈ উন্নীত কৰা হ’ব৷ তেনেদৰে প্রকল্পটি ৰূপায়ণৰ বাবে কাৰিকৰী সহায়তা প্রদান কৰা হ’ব৷ অসমৰ বর্তমানৰ বিদ্যুৎ সৰবৰাহ নেটৱর্কক শক্তিশালী কৰি বহনক্ষম, নিৰাপদ, দক্ষ আৰু চৌব্বিশ ঘণ্টাৰ বাবে নির্ভৰযোগ্য কৰি তোলা হ’ব৷ এই প্রকল্পই অসমৰ বিদ্যুৎ যোগান ব্যৱস্থাক দীর্ঘদিনীয়া বহনক্ষম কৰি তোলাত নিশ্চিত কৰিব৷ এই চুক্তিত ভাৰত চৰকাৰৰ হৈ বিত্ত মন্ত্রালয়, অর্থনৈতিক পৰিক্রমা বিভাগৰ যুটীয়া সচিব বলদেউ পুৰুশ্বার্থই স্বাক্ষৰ কৰে আৰু এ আই আই বিৰ হৈ কার্যবাহী সঞ্চালকপ্রধান ৰজত মিশ্রই স্বাক্ষৰ কৰে৷ স্বাক্ষৰ কৰাৰ পিছত যুটীয়া সচিব পুৰুশ্বার্থই কয় যে এই প্রকল্পই বিদ্যুৎ সৰবৰাহ নেটৱর্ক উন্নীত আৰু সৰবৰাহ ক্ষতি হ্রাস কৰিব৷ উল্লেখ্য যে এই প্রকল্পত মুঠ প্রাক্কলন ব্যয় ৩৬৫ মার্কিন ডলাৰ৷ ভাৰত চৰকাৰৰ সৈতে এ আই আই বিৰ মাজত হোৱা চুক্তি মতে প্রকল্পটিত ৩০৪ নিযুত মার্কিন ডলাৰ বিনিয়োগ হ’ব৷ আনখিনি ধন ৬১ নিযুত মার্কিন ডলাৰ অসম চৰকাৰে ব্যয় কৰিব৷

You might also like