নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে আনুষ্ঠানিক মিত্রতা কংগ্রেছৰ

হাইকমাণ্ডৰ সিদ্ধান্তলৈ বাট চোৱাৰ বাবেও আহৰি নহ’ল ৰিপুণৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ এ আই ইউ ডি এফকে ধৰি কোনো দলৰে মিত্রতা সম্পর্কত সকলো সিদ্ধান্ত কংগ্রেছ হাইকমাণ্ডেহে গ্রহণ কৰিব বুলি নিখিল ভাৰত কংগ্রেছ কমিটীয়ে স্পষ্ট কৰি দিয়াৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি ৰাজ্যৰ কংগ্রেছ নেতৃত্বক মিত্রতাৰ বিষয়ত কোনো মন্তব্য নকৰিবলৈ কঠোৰ সকীয়নি দিয়ে৷ যোৱা ১ নৱেম্বৰৰ পৰা সপ্তাহজোৰা কার্যসূচীৰে অসম ভ্রমণ কৰি প্রদেশ কংগ্রেছৰ পর্যবেক্ষকৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে গুৱাহাটীত এখন সংবাদ মেলত কংগ্রেছৰ কোনো দলৰ সৈতে এতিয়ালৈ কোনো মিত্রতা হোৱা নাই বুলি স্পষ্ট কৰি দিয়াই নহয়, এই সম্পর্কত সকলো সিদ্ধান্ত দলৰ সংবিধান অনুসৰি হাইকমাণ্ডেহে ল’ব বুলি ৰাজহুৱাভাৱে মন্তব্য কৰে৷ মিত্রতাৰ বিষয়টো যিহেতু হাইকমাণ্ডৰ এক্তিয়াৰৰ বিষয়, সেয়ে এই সম্পর্কত অসম কংগ্রেছৰ কোনো নেতাকে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কঠোৰ নির্দেশ দিয়ে৷ তদুপৰি যোৱা ৩০ নৱেম্বৰত ৰাহুল গান্ধীয়েও এক ভার্চুৱেল বৈঠকতো কোনো দলৰে মিত্রতাৰ বিষয়টো হাইকমাণ্ডৰ অধীনৰ বিষয় বুলি পুনৰ স্পষ্ট কৰি দি ৰিপুণ বৰাকে ধৰি ৰাজ্যৰ কংগ্রেছ নেতৃত্বক সেই বিষয়ে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ মূলতঃ অহা বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে কংগ্রেছৰ বহুচর্চিত মিত্রতাক লৈ ৰাজ্যৰ কংগ্রেছ দলত বিৰাজ কৰা ক্ষোভ, অসন্তুষ্টি, উলম্ব বিভাজন অব্যাহত থকাৰ পৰিপ্রেক্ষিতত নিখিল ভাৰত কংগ্রেছ কমিটীয়ে মিত্রতা সম্পর্কত তেনেধৰণৰ কঠোৰ স্থিতি গ্রহণ কৰে৷ পিছে মিত্রতা সম্পর্কত বিশেষকৈ এ আই ইউ ডি এফৰে মিত্রতা সম্পর্কত হাইকমাণ্ডৰ সিদ্ধান্তলৈ অপেক্ষাই নকৰিলে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বার্থতেই হওক বা আন কোনো স্বার্থতেই হওক, হাইকমাণ্ডৰ সিদ্ধান্তৰ পূর্বেই বিটিচি নির্বাচনৰ গইনা লৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে আনুষ্ঠানিক মিত্রতা সম্পন্ন কৰিলে ৰিপুণ বৰাই৷ ইয়াৰ বহিঃপ্রকাশ ঘটিল আজি৷ আজি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতে একেখন হেলিকপ্টাৰ যোগে বিটিচি নির্বাচনৰ যৌথ প্রচাৰৰ বাবে উৰা মাৰে৷ লগত ৰিপুণ বৰাই সংগী হিচাপে ল’লে তেওঁৰ অতিকৈ ঘনিষ্ঠ প্রদেশ কংগ্রেছৰ উপ–সভাপতি তথা কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনক৷ এই হেলিকপ্ঢাৰ চফৰত আজমলৰ সংগী হ’ল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলাম৷ হেলিকপ্টাৰ যোগে কংগ্রেছ–এ আই ইউ ডি এফৰ যৌথ প্রচাৰত স্থান নাপালে বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেক, প্রদ্যুৎ বৰদলৈ আদি নেতাই৷

ইপিনে এই নির্বাচনী প্রচাৰ সভাত ৰিপুণ বৰাক কাষতে লৈ আজমলে মিত্রতাৰ ক্ষেত্রত কার্যতঃ বিগ ব্রাদাৰৰ ভূমিকা লৈ সদম্ভে ঘোষণা কৰিলে– অহা বিধানসভা নির্বাচনতো কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা এশ শতাংশ নিশ্চিত৷ আজমলৰ স্পষ্ট কথা– ‘ইনচা আল্লাহ, বিধানসভা নির্বাচনতো মিত্রতা থাকিব বুলি এশ শতাংশ বিশ্বাস আছে৷ যোৱা ১৫ বছৰ ধৰি আমি ইউ পি এৰ লগত আছোঁ৷ দিল্লীত আমি ঠিক কৰিম, ইনচা আল্লাহ৷ আপোনালোক বেফিকিৰ থাকক৷’ এ আই ইউ ডি এফৰে মিত্রতাক লৈ ৰাজ্যৰ কংগ্রেছত চলি থকা মতভেদৰ প্রসংগত তেওঁ কয় যে সেয়া তেওঁলোকৰ আভ্যন্তৰীণ বিষয়৷ কিন্তু মিত্রতা হ’বই৷ নির্বাচনী প্রচাৰৰ সময়ত আজমলে কয় যে প্রথমবাৰৰ বাবে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্ব একেলগে একেখন মঞ্চত বহিছে৷ পুৰণা কথা পাহৰি তেওঁলোক একগোট হৈ ৰাইজৰ মাজলৈ আহিছে৷ এই বিটিচি নির্বাচনৰ পৰাই তেওঁলোক একগোট হৈছে৷ আনহাতে, এচামে আজমল আজমল আজমল বুলি কৰি অহা সমালোচনাক কটাক্ষ কৰি আজমলে কয় যে আজমল মোগল হ’ল, আজমল অসমীয়া হ’ল আদি কথাৰে তেওঁলোকে অসমৰ সমস্যা, ভাৰতৰ সমস্যা শেষ হোৱা বুলি ধৰি ল’লে৷ আজমলৰ প্রতি যদি ইমানেই ভয়, তেতিয়াহ’লে সকলোৱে আহি আজমলৰ ওচৰত ছাৰেণ্ডাৰ কৰক৷ আমি সকলোৱে মিলি দেখিম– আজমলে কেনেকৈ চলাব পাৰে৷ কার্যতঃ এই বক্তব্যৰে আজমলে অসমক নেতৃত্ব দিয়াৰেই এক ঘোষণা আগবঢ়ালে৷ ইফালে আজমলৰ সেই বক্তব্যৰ বিপৰীতে আজি দেখা গ’ল প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নৰম সুৰত সুবিধাবাদী স্থিতি৷ বিটিচি নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগত ৰিপুণ বৰাই কয় যে বিটিচি নির্বাচন হৈছে স্থানীয় নির্বাচন৷ স্থানীয় নির্বাচন হিচাপে স্থানীয়ভাৱে মিত্রতাৰ সিদ্ধান্ত লোৱা হৈছে৷ অহা বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত বৰাই কয় যে ২০২১ৰ বিধানসভা নির্বাচনৰ কথা এতিয়া নাহে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ মিত্রতা সম্পর্কত হাইকমাণ্ডেহে সিদ্ধান্ত ল’ব৷

আনহাতে, বিজেপি–বি পি এফৰ মাজত এতিয়াও ভিতৰি বুজাবুজি অব্যাহত আছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয়– নির্বাচনী প্রচাৰ সভাসমূহত বিজেপি, বি পি এফে উভয়ে উভয়ক চূড়ান্ত গালি পাৰিছে৷ কিন্তু এতিয়াও তেওঁলোকৰ মিত্রতা ভাঙি যোৱা নাই৷ সেয়ে কৈছোঁ, তেওঁলোকৰ মাজত ভিতৰি বুজাবুজি আছে৷ ইউ পি পি এলৰ লগত বিজেপিৰ দেখ দেখ বুজাবুজি আছে৷ সেয়ে কংগ্রেছ আৰু এ আই ইউ ডি এফে বিটিচি নির্বাচনত বিজেপি, ইউ পি পি এল, বি পি এফক প্রতিপক্ষ হিচাপে লৈ নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷ নির্বাচনী ফলাফলৰ পাছত বিজেপিক বাদ দি যিটো দল অসমৰ স্বার্থৰ বাবে গ্রহণযোগ্য, কংগ্রেছ–এ আই ইউ ডি এফে সেই দলকহে সমর্থন দিব বুলিও বৰাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সেইদৰে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাত কলি যুগৰ সূচনা হ’ল বুলি অগপৰ সভাপতি মন্ত্রী অতুল বৰাই কৰা মন্তব্যক কটাক্ষ কৰি ৰিপুণ বৰাই কয় যে যদি কলি যুগৰ সূচনা হ’ল, তেওঁলোকে বিষ্ণুৰ অৱতাৰ হৈ অসমক উদ্ধাৰ কৰক৷ ‘কা’ আনি তেওঁলোকেহে অসম শেষ কৰি দিলে৷ আমি অৱশিষ্টখিনি উদ্ধাৰ কৰিবলৈহে ওলাইছোঁ৷ মন কৰিবলগীয়া এয়ে যে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে আজি মুদৈবাৰী, পর্বতঝোৰা, ননৈ ছেৰফাং আৰু পাঁচনৈ ছেৰফাঙত নির্বাচনী প্রচাৰ চলায়৷ স্মর্তব্য যে বিটিচি নির্বাচনৰ গইনা লৈ এ আই ইউ ডি এফৰে কংগ্রেছে কৰা মিত্রতাই কংগ্রেছী ৰাজনীতিত কেনেধৰণৰ প্রভাৱ পেলায়, সেয়া অনাগত দিনতহে ক’ব পৰা যাব৷ কিয়নো কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ প্রসংগ উত্থাপন হোৱাৰ দিনৰে পৰা বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেক, এ আই চি চিৰ সম্পাদক ৰাণা গোস্বামী, ভূপেন বৰা, জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মী, দলৰ সংখ্যালঘু সম্প্রদায়ৰ নেতা বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, ডাঃ নজৰুল ইছলাম, প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰ, মহিবুল হক, নজিবুল ওমৰ, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, ড০ ইদ্রিছ আলী, আফতাবুদ্দিন মোল্লা আদিকে ধৰি বিভিন্নজনে মুকলিকৈ সেই মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷

You might also like