নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক চৰম উপহাস কৰি বিপদত পৰিছে এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল৷ কালি বটদ্রৱাৰ এখন সভাত কৰা মন্তব্যৰ বাবে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পিছত অৱশেষত সেও মানিবলৈ বাধ্য হৈছে বদৰুদ্দিন আজমল৷ যাৰ বাবে মঙলবাৰে তেওঁ মহাপুৰুষজনাক কৰা অপমানৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়৷ আজি লাহৰীঘাটৰ এখন সভাত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমৰ আগত ভুল স্বীকাৰ কৰি আজমলে কয়– ‘ৰাজনৈতিক সভাত শংকৰদেৱ জিন্দাবাদ শ্লোগান দিব নালাগিছিল৷ এনেকুৱা কাম কৰা অথবা তেওঁক অসন্মান কৰাৰ মোৰ কোনো অভিপ্রায় নাছিল৷ নির্বাচনৰ ধামখুমিয়াত ৰাইজৰ উৎসাহ বাঢ়ি যায়৷ এইটো হ’ব নালাগিছিল৷ জিভা পিছল খাই এনে ঘটনা হ’ল৷ সেয়েহে অসমবাসী আৰু বটদ্রৱাবাসীৰ ওচৰত মই ক্ষমা প্রার্থী৷’
উল্লেখ্য যে কালি বটদ্রৱাৰ এখন নির্বাচনী সভাত আজমল আৰু তলা–চাবি জিন্দাবাদ শ্লোগানৰ লগত একাংশ ইউডিএফৰ সমর্থকে শংকৰদেৱ জিন্দাবাদ শ্লোগান দিছিল৷ ইয়াতকৈ এখোপ ওপৰলৈ গৈ বদৰুদ্দিন আজমলে মহাপুৰুষজনাক শংকৰদেৱ চাহাব বুলি সম্বোধন কৰিছিল যাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷