নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাধত তুলি বাংলাদেশলৈ প্রেৰণ কৰিব লাগে আজমলকঃ ড০ প্রবীণ ভাই টোগাড়িয়া

  • শিলচৰত আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ড০ প্রবীণ ভাই টোগাড়িয়াৰ
  • বাংলাদেশী মুছলমান ভোটেৰে সাংসদ হৈছে আজমল
  • আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ বাবে সাজু আৰক্ষী
  • কৰিমগঞ্জ সদৰ থানাত আজমলৰ বিৰুদ্ধে গোচৰ ৭১০/২২নং গোচৰ ৰুজু

 

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বাংলাদেশী মুছলমানৰ ভোটেৰে সাংসদ হ’বলৈ সক্ষম হৈছে৷ এই অভিযোগ আন্তঃৰাষ্ট্রীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্রীয় বজৰং দলৰ প্রতিষ্ঠাপক প্রবীণ ভাই টোগাড়িয়াৰ৷ শিলচৰত  এই অভিযোগ কৰি টোগাড়িয়াই বিস্ফোৰক মন্তব্য কৰি কয়– আজমলক গাধৰ পিঠিত তুলি বাংলাদেশলৈ প্রেৰণ কৰিব লাগে৷ তিনিদিনীয়া কার্যসূচীৰে  শিলচৰত উপস্থিত হোৱা টোগাড়িয়াই এখন সংবাদ মেলত আজমলৰ বিৰুদ্ধে সৰৱ হৈ কয় যে হিন্দু জাতিক অপমান কৰিছে আজমলে৷ মা কামাখ্যাক এবাৰ মোগলে এবাৰ অপমান কৰিবলৈ চেষ্টা কৰিছিল৷ সেই সময়ত বীৰ লাচিত বৰফুকনে তেওঁলোকৰ বিৰুদ্ধে থিয় দি মোগলক পৰাজিত কৰি খেদি পঠিয়াইছিল৷ এইবাৰ আজমলে হিন্দুক অপমান কৰিছে৷ তেওঁৰ ঘৰত চৰকাৰে বুলড’জাৰ চলাই বীৰ লাচিত বৰফুকনৰ পুনৰাবৃত্তি কৰিব লাগে৷ টোগাড়িয়াই কয় যে লাভ জেহাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্রীয় হিন্দু পৰিষদে সমগ্র দেশতে কাম কৰি আছে৷ হিন্দু যুৱতী যাতে লাভ জেহাদৰ বলি নহয়, তাৰ প্রতি বিশেষ মনোযোগ দিয়া হৈছে৷ ১৯৫১ চনৰ পাছত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা মুছলমান বাংলাদেশীৰ হাতৰ পৰা অসমক ৰক্ষা কৰাটো কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কর্তব্য৷ ভাৰত এখন হিন্দু দেশ আৰু ইয়াত হিন্দুৰ প্রাধান্য থাকিব৷ বীৰ লাচিত বৰফুকনৰ দৰে শত্রুৰ বুকুত ভৰি দিয়া বিজয়ীসকলৰ দৰে অসমকে ধৰি সমগ্র দেশতে হিন্দুসকলেহে বাস কৰিব৷ অসমীয়া আৰু হিন্দুসকল ভাৰতীয় নাগৰিক৷ অসমকে ধৰি সমগ্র দেশতে বসবাস কৰা এজনো হিন্দু বিদেশী নহয়৷ টোগাড়িয়াই পুনৰ হিন্দুকে ডি–ভোটাৰ নকৰিবলৈ  আহ্বান জনায়৷

তদুপৰি ১৯৫১ৰ পাছত ভাৰতত প্রৱেশ কৰা মুছলমান বাংলাদেশীসকলক বিচাৰি উলিয়াই বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ চৰকাৰক আহ্বান জনায়৷ টোগাড়িয়াই  হিন্দুসকলক সুৰক্ষা, স্বাস্থ্য আৰু অধিকাৰ সম্পর্কীয় বিষয়ৰ ওপৰতো বিভিন্ন দিশ আলোকপাত কৰে৷ শিলচৰত আজমলৰ বিৰুদ্ধে টোগাড়িয়া সৰৱ হোৱাৰ সময়তে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ বাবে সাজু হৈছে অসম আৰক্ষী৷ হিন্দু সমাজ আৰু হিন্দু নাৰীক তাচ্ছিল্য কৰা আজমলৰ বিৰুদ্ধে ইতিমধ্যে কৰিমগঞ্জ সদৰ থানাত ৭১০/২২ নম্বৰৰ গোচৰ ৰুজু হৈছে৷ হিন্দু সমাজক অপমানিত কৰা আজমলৰ বিৰুদ্ধে একাধিক দল–সংগঠনে ৰাজ্যৰ বিভিন্ন থানাত দাখিল কৰিছিল গোচৰ৷ বিভিন্ন থানাৰ পৰা পোৱা গোচৰসমূহ একলগ কৰি কৰিমগঞ্জ সদৰ থানাত উক্ত গোচৰ ৰুজু কৰা হৈছে৷ আজমলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পাছতেই এ আই ইউ ডি এফেও আইনী যুঁজৰ বাবে সাজু হৈছে৷ দলটোৱে ইতিমধ্যে এই সন্দর্ভত গঠন কৰিছে আইনী কোষ৷ জানিব পৰা মতে বদৰুদ্দিন আজমলে উক্ত গোচৰ সন্দর্ভত আগতীয়া জামিনৰ বাবে আবেদন কৰাৰো প্রস্তুতি চলাইছে৷

You might also like