নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুকা শাকৰ লগত ৰন্ধা মাছৰ টেঙা

উপকৰণ: চুকা শাক দুমুঠি, মাছ ছয় টুকুৰা (সতেজ যিকোনো ডাঙৰ মাছ), আলু এটা, ধনিয়া এমুঠি, নিমখ জোখমতে, হালধি এক চাহ চামুচ, মেথি গুটি ১/৩ চাহ চামুচ, শুকান জলকীয়া দুটা, ভোট জলকীয়া এটুকুৰা (ঐচ্ছিক), মিঠাতেল জোখমতে পানী জোখমতে।

প্রণালী: মাছ কেইটুকুৰা ভালকৈ ধুই প্রয়োজন মতে নিমখ আৰু হালধি সানি ল’ব৷ চুকা শাকখিনি ধুই মিহিকে কুটি ল’ব৷ আলুটো সিজাই বাকলি গুচাই ল’ব৷ তাৰ পাছত কেৰাহীত প্রয়োজন মতে তেল গৰম কৰি তাতে মাছখিনি দিব৷ মাছখিনি অলপ সময় ভজাৰ পাছত দুয়োফালে ৰঙচুৱা হ’লে প্লেট এখনত নমাই থ’ব৷ কেৰাহীত মাছ ভাজি ৰৈ যোৱা তেলতে মেথিগুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব৷ তাৰ পাছত চুকা শাক আৰু আলুটো ভাঙি দি প্রয়োজন মতে নিমখ আৰু হালধি দি ভালদৰে লৰাই দিব৷ প্রায় দুই মিনিটমান সময় চুকা শাকখিনি ভজাৰ পাছত শাকখিনি পমি আলুৰ লগত মিলি গ’লে জোখমতে গৰম পানী দি ঢ়াকোন লগাই আঞ্জাখন উতলিবলৈ দিব৷ আঞ্জাখন অলপ সময় উতলোৱাৰ পাছত জোখমতে ভোট জলকীয়া কাটি দি লগতে ভজা মাছখিনিও দি আকৌ এবাৰ ভালদৰে উতলিবলৈ দিব৷ (ভোট জলকীয়াৰ সলনি আন জলকীয়াও দিব পাৰি) প্রায় পাঁচ মিনিটমান সময়ৰ পিছত কুটি লোৱা ধনিয়া পাতখিনি দি প্রায় দুই মিনিটমান সময় উতলাই আঞ্জাখন জুইৰ ওপৰৰ পৰা নমাই থ’ব৷ এতিয়া গৰমে গৰমে ভাতৰ লগত চুকা শাকৰ লগত ৰন্ধা মাছৰ আঞ্জাৰ জুতি লওক৷ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়৷

You might also like