নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্বানিৰ পুত্রৰ ৰাজকীয় প্রাক-বিবাহ অনুষ্ঠান

🔹 ইভানকাৰ পৰা জুকাৰবার্গলৈ ৰথী–মহাৰথীক আমন্ত্রণ

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : মুকেশ আম্বানিৰ পুত্রৰ বিবাহ অনুষ্ঠান৷ বিয়াৰ ‘প্রাক-বিবাহ অনুষ্ঠান’ত সমাগম ঘটিব বিশ্বৰ ধনকুবেৰ ৰথী–মহাৰথীসকলৰ৷ উপস্থিত থাকিব প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দুহিতা ইভানকা ট্রাম্পৰ পৰা ‘মেটা’ৰ চিইঅ’ মার্ক জুকাৰবার্গলৈকে ৰথী–মহাৰথীসকল৷ কাটাৰৰ প্রধানমন্ত্রী, ভূটানৰ ৰজা–ৰাণীকো আম্বানি পুত্রৰ প্রাক-বিবাহ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে৷ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ পুত্র আৰু বিখ্যাত উদ্যোগপতি বীৰেন মার্চেণ্টৰ কন্যাৰ হাইপ্রফাইল বিয়াৰ প্রস্তুতি চলিছে দীর্ঘদিন ধৰি৷ গুজৰাটৰ জামনগৰৰ ৰিলায়েঞ্চ গ্রীনছত আগন্তুক পহিলা মার্চৰ পৰা ৩ মার্চলৈ এই প্রাক-বিবাহ অনুষ্ঠান চলিব৷ ২০২৩ চনৰ জানুৱাৰীত দৰা–কইনা অনন্ত আৰু ৰাধিকাৰ বাগ্দান সম্পন্ন হৈছিল৷ এইবাৰ বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে দুই ধনকুবেৰৰ পুত্র–কন্যা৷ লক্ষণীয়ভাৱে বলীউডৰ তাৰকাসকলো উপস্থিত থাকিব এই বিবাহ অনুষ্ঠানত৷

You might also like