নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে । অহা মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হব বৈদ্যুতিক ৰে’লৰ চলাচল । শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে’লেৰে যাতায়ত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে ।

বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে । ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰী, নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতা সম্পন্ন ২২ কেভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব । ২৪ ঘন্টাই কাৰ্যক্ষম হৈ থকা এই বৈদ্যুতিক তাঁৰৰ ২ মিটাৰৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কাম কৰা, ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল বিভাগে ।

ৰে’লৱেৰ এজন অধিকাৰীয়ে কয় যে বৈদ্যুতিকৰণৰ কাম নিউজলপাইগুৰিলৈকে সমাপ্ত হৈছে আৰু অহা মাৰ্চৰ ভিতৰত গুৱাহাটীলৈকে এই কাম সম্পন্ন হ’ব। গুৱাহাটীলৈকে আহিব লগীয়া সকলো ৰেলগাড়ী বিদ্যুতত চলিব।

You might also like