নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চুড়ান্ত’

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মিত্ৰতা চূড়ান্ত হ’ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ। ২০২১ চনত দুয়োটা দলে একেলগে নিৰ্বাচনত যুঁজ দিয়াৰ সংকল্প। মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ অভিৱৰ্তনত এই সিদ্ধান্ত। শনিবাৰৰ অন্তিম দিনা কাৰ্যসূচীত উপস্থিত থাকে AJPৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী।

বিজেপি আৰু কংগ্ৰেছক প্ৰতিহত কৰি ২০২১ত আঞ্চলিকতাবাদৰ চৰকাৰ গঠনৰ সংকল্পৰে ৰাইজৰ দলৰ মঞ্চত থিয় হৈ চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে ৰাইজৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছো। আমি সকলো আঞ্চলিক শক্তিয়ে মিলি জাতিটোৰ যুঁজখন যুঁজিব পাৰো। ২০২১ বৰ্ষত আঞ্চলিকতাবাদৰ চৰকাৰ হ’ব। এইখন চৰকাৰ ৰাইজৰ চৰকাৰ হ’ব।

আনহাতে কমল কুমাৰ মেধিয়ে কয় যে AJP আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত পৰ্যায়ত।

You might also like